বঙাইগাঁও, ২ অক্টোবৰ: বঙাইগাঁও জিলাৰ বৰপাৰাত সচেতন যুৱ সমাজ তথা বামপন্থী ছাত্ৰ সংগঠন এছএফআইৰ উদ্যোগত শুকুৰবাৰে ধৰ্ষণৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হোৱা নাৰকীয় ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আৰু ধৰ্ষিতাক ন্যায় দিয়াৰ দাবীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় প্ৰতিবাদকাৰী সকলে । যিখন বিজেপি চৰকাৰে বেটি বচাও বেটি পঢ়াও শ্লোগান দিয়ে সেই চৰকাৰে ধৰ্ষিতা নাৰীক নিশাৰ অন্ধকাৰত পৰিয়ালক নজনোৱাকৈ সৎকাৰ কৰি সকলো প্ৰমাণ নষ্ট কৰে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে।
বঙাইগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পুত্তলিকা দাহ - বিজেপি চৰকাৰ
বিজেপি চৰকাৰে বেটি বচাও বেটি পঢ়াও শ্লোগান দিয়ে সেই চৰকাৰে ধৰ্ষিতা নাৰীক নিশাৰ অন্ধকাৰত পৰিয়ালক নজনোৱাকৈ সৎকাৰ কৰি সকলো প্ৰমাণ নষ্ট কৰে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে।
বঙাইগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পুত্তলিকা দাহ
লগতে পঢ়ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী পালন