বঙাইগাঁও, ২৫ ছেপ্টেম্বৰ: আধাৰ কাৰ্ডক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বঙাইগাঁও জিলাৰ কাকৈজানা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত । জিলা উপায়ুক্তৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত কৰ সংগ্ৰহকাৰীৰ পুনৰীক্ষণ অবিহনেই চলিছে আধাৰ কাৰ্ডৰ কাম। এই অভিযোগ কাকৈজানা গাঁও পঞ্চায়তৰ স্বয়ং কৰ সংগ্ৰহকাৰী বকুল বৰ্মনৰ । এতিয়া অভিযোগ প্ৰতি-অভিযোগত উত্তাল কাকৈজানা গাঁও পঞ্চায়তৰ কাৰ্যালয় । কৰ সংগ্ৰহকাৰী বকুল বৰ্মনৰ মতে, তেওঁৰ চহী অবিহনেই চলিছে আধাৰ কাৰ্ডৰ ভেৰিফিকেচনৰ কাম ৷ যিটো সম্পূৰ্ণ ৰূপে অবৈধ বিভাগীয় ভাৱে।
বঙাইগাঁৱত আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি ! - Adhar card
আধাৰ কাৰ্ডক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বঙাইগাঁও জিলাৰ কাকৈজানা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত । জিলা উপায়ুক্তৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত কৰ সংগ্ৰহকাৰীৰ পুনৰীক্ষণ অবিহনেই চলিছে আধাৰ কাৰ্ডৰ কাম। অৱশেষত জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে সচেতন মহলে ।
![বঙাইগাঁৱত আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি ! Bongaigaon Adher card difficulty](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-08:08:05:1601044685-as-chg-01-bongaigaonadhercarddifficulty-vis-10012-25092020102926-2509f-1601009966-333.jpg)
বঙাইগাঁওত আধাৰ কাৰ্ডৰ নামত দুৰ্নীতিৰ অভিযোগ
ইফালে একাংশৰ দাবী বকুল বৰ্মনে চহী নকৰে আধাৰ কাৰ্ডৰ প্ৰ-পত্ৰত । আনহাতে আধাৰ কাৰ্ডৰ কাম ঘৰত গৈ একাংশ কম্পিউটাৰ অপাৰেটৰে কৰাৰ গুৰুতৰ অভিযোগ বকুল বৰ্মনৰ। এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে সচেতন মহলে ।
লগতে পঢ়ক: আছুৰ নেতৃত্বত ৰাজ্যজুৰি জ্বলিল কৃষি বিধেয়কৰ প্ৰতিলিপি