অসম

assam

ETV Bharat / briefs

পাকিস্তানত সিন্ধ অঞ্চলত বিস্ফোৰণঃ তিনিজন নিহত

সিন্ধ অঞ্চলৰ ঘোট্টা বজাৰত এজন ৰেঞ্জাৰৰ বাহনক উদ্দেশ্যি দুস্কৃতিকাৰীয়ে সংস্থাপিত কৰিছিল বোমাটো । বিস্ফোৰণৰ ফলত ৰেঞ্জাৰজনৰ লগতে আন দুজন লোক নিহত হয় বুলি জানিব পৰা গৈছে।

 বিস্ফোৰণ
Blast in Pakistan's Sindh province leaves three dead

By

Published : Jun 19, 2020, 5:04 PM IST

ইণ্টাৰনেশ্বনেল ডেস্ক, ১৯ জুনঃশুকুৰবাৰে পাকিস্তানৰ ঘোটকিৰ সিন্ধ অঞ্চলত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। এখন বাহনক উদ্দেশ্যি সংস্থাপিত কৰা বোমা বিস্ফোৰণত নিহত হয় তিনিগৰাকী লোক।

এ আৰ ৱাই নিউজত প্ৰকাশ পোৱা বাতৰি অনুসৰি বিস্ফোৰণত নিহত তিনিগৰাকী লোকৰ ভিতৰত আছে সিন্ধ অঞ্চলৰ এজন আৰক্ষী বিষয়া। ঘোট্টা বজাৰ অঞ্চলত ৰেঞ্জাৰজনৰ বাহনক উদ্দেশ্যি দুস্কৃতিকাৰীয়ে বোমাটো সংস্থাপিত কৰিছিল বুলি স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰে।

পাকিস্তানত সিন্ধ অঞ্চলত বিস্ফোৰণঃ তিনিজন নিহত

এই বিস্ফোৰণৰ ঘটনাৰ পাছতে আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয়। ইফালে,কোনো সন্ত্ৰাসবাদী সংগঠন অথবা অন্য সংস্থাই এই বিস্ফোৰণ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰা নাই। সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

লগতে চাওকঃ ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া পৰিসংখ্যা

ABOUT THE AUTHOR

...view details