অসম

assam

ETV Bharat / briefs

বিজেপিৰ বৃহৎ সাফল্যৰ পাছতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন বিজয় উল্লাস

সপ্তদশ লোকসভা নিৰ্বাচনত বিজেপিয়ে বৃহৎ সাফল্য লাভ কৰাৰ পাছতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিজয় উল্লাস, ঠায়ে-ঠায়ে ফটকা ফুটাই বিজেপি সমৰ্থনকাৰী সকলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে

By

Published : May 24, 2019, 10:06 PM IST

বিজেপিৰ বৃহৎ সাফল্যৰ পাছতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন বিজয় উল্লাস

নিউজ ডেস্ক, ২৪মে' : বৃহস্পতিবাৰে ঘোষিত হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে বৃহৎ সাফল্য লাভ কৰাৰ পাছতেই ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে পালন কৰা হৈছে বিজয় উল্লাস ।

তেজপুৰতো পালন কৰা বিজেপিৰ বিজয় উল্লাস । বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে লোকসভা নিৰ্বাচনত বৃহৎ সফলতা লাভ কৰাৰ পাছতেই শুকুৰবাৰে দাসে নিৰ্বাচনী বিষয়া নৰসিং পাৱাৰৰ হাতৰ পৰা বিজয়ী প্ৰমাণ পত্ৰ গ্ৰহণ কৰে । এই বিজয়ী পত্ৰ গ্ৰহণ কৰাৰ পাছতেই তেজপুৰৰ বিজেপি সমৰ্থকসকলে পালন কৰে বিজয় উল্লাস ।

তেজপুৰত পালন বিজয় উল্লাস


শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ আদাবাৰী তিনিআলীতো ব্যৱসায়ী সন্থাই আয়োজন কৰে বিজয় উৎসৱ । ব্যৱসায়ীসকলে ফটকা ফুটাই, মিঠাই বিলাই আনন্দ উল্লাস কৰাৰ লগতে আৱতৰীয়া হলী উদযাপন কৰে । মোডীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে পাই আনন্দিত বুলি মন্তব্য কৰে বিজেপি সমৰ্থকসকলে ।

গুৱাহাটীত পালন বিজয় উল্লাস

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জৰ বিজেপি কাৰ্যালয়ৰ সন্মুখৰ পৰা এক বিশাল বিজয়ী সমদল উলিওৱা হয় । এই বিজয়ী শোভাযাত্ৰাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ফণী ভূষণ শৰ্মা, সদ্য বিজয়ী সাংসদ কৃপানাথ মাল্লা, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক দীলিপ পাল,কৃষ্ণেন্দূ পালৰ লগতে জ্যেষ্ঠ নেতা মিশন ৰঞ্জন দাস । ২৩ বছৰ পাছত কৰিমগঞ্জত বিজেপি জয়ী হোৱাৰ বাবে কৰিমগঞ্জত বিজয় উল্লাস পালন কৰা হয় বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

কৰিমগঞ্জত বিজয় উল্লাস

শিলচৰতো ৰাজদ্বীপ ৰয়ৰ সফলতাৰ বাবে শিলচৰৰ সদৰ কাৰ্যালয়ৰ পৰা বিজেপি সমৰ্থনকাৰী সকলে এক শোভাযাত্ৰা উলিয়াই । শোভাযাত্ৰাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ,মন্ত্ৰী পৰিমল শুক্লবদ্য,বিধায়ক দীলিপ পাল , আমিনুল হক লস্কৰ , কিশোৰ নাথ , মিহিৰ কান্তি সোম , অমৰ চান্দ জৈনে অংশগ্ৰহণ কৰে ।

শিলচৰত বিজয় উল্লাস

বিজেপিৰ সফলতাৰ বাবে বঙাইগাঁৱতো পালন কৰা হয় বিজয় উল্লাস । বঙাইগাঁও জিলাৰ ঢালিগাঁও গাঁও পঞ্চায়তত বিজেপি সমৰ্থিতসকলে একত্ৰিত হৈ সকলোৱে নৃত্য-গীতেৰে এক শোভাযাত্ৰা উলিয়াই ।

বঙাইগাঁৱতো পালন বিজয় উল্লাস
ৰঙিয়াত বিজয় উল্লাস

ABOUT THE AUTHOR

...view details