বিশ্বনাথ, ৮ জুনঃ বিশ্বনাথৰ প্ৰাক্তন বিধায়ক তথা অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা পদ্ম কৈৰীৰ দেহাৱসান ৷ চাহ জনগোষ্ঠীয় সাংস্কৃতিক ক্ষেত্ৰখনত অতুলনীয় অৱদান আগবঢ়োৱা পদ্মনাথ কৈৰী আছিল প্ৰথম জন ব্যক্তি । বিশ্বনাথৰ সাকোমঠা চাহবাগিচাৰ (সাধাৰু) নিবাসী কৈৰী দীৰ্ঘদিন ধৰি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল । অৱশেষত অসুষ্ঠ হৈ থকা কৈৰীয়ে সোমবাৰে পুৱা প্ৰায় ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
প্ৰাক্তন বিধায়ক তথা অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা পদ্ম কৈৰীৰ মৃত্যু - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
বিশ্বনাথৰ প্ৰাক্তন বিধায়ক পদ্ম কৈৰীৰ মৃত্যু । সোমবাৰে পুৱা গুৱাহাটীৰ ডাউন টাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে । মৃত্যুৰ সময়ত তেখেতৰ বয়স ৭০ বছৰ।
![প্ৰাক্তন বিধায়ক তথা অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা পদ্ম কৈৰীৰ মৃত্যু Padma kairi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12:25-as-biswanath-801-8-j-mla-dead-photo-scrpt-as10018-08062020122238-0806f-1591599158-833.jpg)
বিশ্বনাথ বিধান সভা সমষ্টিৰ নিৰ্দলীয় বিধায়ক হিচাপে ১৯৮৫ চনত তেওঁ দায়িত্বভাৰ লৈছিল ৷ উল্লেখ্য যে, তেখেতে অভিনয়ৰ লগতে চাহ জনগোষ্ঠীয় প্ৰথমখন চলচ্চিত্ৰৰ চিত্ৰ নিৰ্মাতা হিচাপে অৱদান আগবঢ়াই গৈছে । বুধু অৰ্জুন, চিৰিচ , ৰতনলাল, ৰঙানদী আদিত অভিনয় কৰিছিল প্ৰাক্তন বিধায়ক পদ্ম কৈৰীয়ে।
প্ৰাক্তন বিধায়ক তথা অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক তথা সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৭০ বছৰ বয়সত ইহসংসাৰ ত্যাগ দিয়া কৰা বিধায়ক গৰাকী প্ৰাক্তন বিধায়কে এৰি থৈ যায় পত্নী, দুজনকৈ পুত্ৰ আৰু জীয়ৰীক। তেখেতৰ মৃত্যুত সমগ্ৰ বিশ্বনাথ জিলাতে শোকৰ ছাঁ পৰিছে।