গোৰেশ্বৰত ৰঙালী বিহু উদযাপন - বিহু হুচৰি
গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন হয় ৫৪সংখ্যক গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু
তামুলপুৰ,২৭ এপ্ৰিল: তামুলপুৰৰ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন হয় ৫৪সংখ্যক গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহু । এই ৰঙালী বিহুখনীত মীৰা ডেকা নামৰ এগৰাকী মহিলাই প্ৰথমবাৰৰ বাবে সম্পাদিকাৰ দায়িত্বভাৰ গ্ৰহণ কৰাত অঞ্চলটোত খলকনিৰ সৃষ্টি হয় । গোৰেশ্বৰত অনুষ্ঠিত এই ৰঙালী বিহুখনিত ৫৪ খন পতাকা উত্তোলন কৰি স্ব-নিৰ্বাচিত অসমীয়া কবিতা আবৃত্তি, চিত্ৰাংকন,সৰুবিহুৱতী আৰু বিহুসুৰীয়া গীতৰ প্ৰতিযোগিতাৰ লগতে বিহু হুঁচৰি আৰু সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয় । সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব কণ্ঠ শিল্পী দীক্ষু । এই বিহুৰ লগত সংগতি ৰাখি ‘গামখাৰু' নামৰ এখন স্মৰণিকাও উন্নোচন কৰা হয় ।