বিহালীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ২৩তম প্ৰতিষ্ঠা দিৱস পালন - সদৌ অসম আদিবাসী ছাত্ৰ সন্থা
বিহালীৰ মিজিকাজান চাহ বাগিছাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ই পালন কৰে 23তম প্ৰতিষ্ঠা দিৱস
![বিহালীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ২৩তম প্ৰতিষ্ঠা দিৱস পালন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3729609-thumbnail-3x2-ha.jpg)
বিহালীত পালন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ২৩তম প্ৰতিষ্ঠা দিৱস
বিহালী,3 জুলাই : মঙলবাৰে বিহালীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ পালন কৰে হয় 23তম প্ৰতিষ্ঠা দিৱস ৷ আদিবাসী ছাত্ৰ সন্থাৰ বাঘমৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মিজিকাজান প্ৰাথমিক গোটৰ সহযোগত বিহালী সমষ্টিৰ মিজিকাজান চাহ বাগিছাৰ প্ৰমোদ ভৱনত পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱস ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বাঘমৰা অঞ্চলৰ ২০১৯ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৪৫ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷