বটদ্ৰৱাত পৰিৱেশিত হ'ল মহিলা ভাওনা "সাৱিত্ৰী সত্যবান" - ETV BHARAT
খোল তালৰ চেৱেঁ চেৱেঁ কঁকাল ভাঙি নাচিলে মহিলা, জীয়ৰী, বোৱাৰীয়ে ।

বটদ্ৰৱা, ২৫ এপ্ৰিলঃ বটদ্ৰৱাৰ মাজ-গাঁৱত নিশা মহিলাৰ ভাওঁনা । মাজ গাওঁত মহিলাসকলে মিলি প্ৰদৰ্শন কৰিলে সাবিত্ৰী সত্যৱানৰ ভাওঁনা। এটাৰ পিছত এটাকৈ ভাওনাৰ পোছাকত ওলাল মহিলা ভাওৰীয়া । ৰাইজৰ পাৰ ভঙা উৎসাহ উদ্দীপনাৰে হাজাৰ হাজাৰ পুৰুষ, মহিলাৰ লগতে কণ কণ শিশুও চাবলৈ আহিল মহিলা ভাওঁনা । মহিলা ভাওৰীয়া সকলেও খোল তালৰ চেৱত বিভিন্ন ভংগিমাৰে নৃত্য কৰি আপ্লুত কৰে উপস্থিত দর্শকক। উল্লেখ্য যে মঞ্চত ভাঁওনা পৰিৱেশন কৰা জীয়ৰী, বোৱাৰী সকলৰ দৰ্শক হিচাপে আছিল শাহু, শহুৰৰ লগতে তেওঁলোকৰ স্বামী আৰু শিশু । মহিলা সকলৰ এনে নিদৰ্শনক শলাগ লয় সকলোৱে।