অসম

assam

ETV Bharat / briefs

কংগ্ৰেছত যোগদান কৰিব নেকি হাফিজ ৰফিকুল ইছলামে ?

আব্দুল খালেক সংসদৰ মজিয়ালৈ নিৰ্বাচিত হোৱাৰ পাছতেই এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভত খালকে মন্তব্য কৰে কংগ্ৰেছৰ দুৱাৰ সদায় সকলোৰে বাবে খুলা বুলি

কংগ্ৰেছত যোগদান কৰিব হাফিজ ৰফিকুল ইছলামে

By

Published : May 26, 2019, 8:43 PM IST

বৰপেটা, ২৬মে' : লোকসভা নিৰ্বাচনত বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক সংসদৰ মজিয়ালৈ নিৰ্বাচিত হোৱাৰ পাচতে অৱধাৰিত হৈ পৰিল বৰপেটাৰ জনীয়া বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল জনীয়াৰ বিধায়ক আব্দুল খালেকে ৷ জনীয়াৰ বিধায়ক আব্দুল খালেকে প্ৰায় ১ লাখ ৪০ হাজাৰ ভোটৰ ব্যৱধানত অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসক পৰাজিত কৰি দিল্লীলৈ নিৰ্বাচিত হয় ৷ আব্দুল খালেক সংসদৰ মজিয়ালৈ নিৰ্বাচিত হৈ যোৱাৰ লগে লগে খালী হৈ পৰা জনীয়া সমষ্টিৰ বিধায়কৰ আসনখনত এতিয়া নিৱদ্ধ সকলোৰে দৃষ্টি ৷ কংগ্ৰেছৰ ভিতৰুৱা খবৰ মতে ইতিমধ্যে দলৰ ভিতৰৰে ৩২ গৰাকীকৈ নেতাই প্ৰাৰ্থীত্বৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ৷ আনহাতে কংগ্ৰেছ দলৰ লগতে আন দলৰ একাংশ নেতায়ো প্ৰাৰ্থীত্বৰ দাবীৰে কংগ্ৰেছত যোগদান কৰিব বিচৰা বুলিও খবৰ ওলাইছে ৷ শেহতীয়া খবৰ অনুসৰি জনীয়াৰ প্ৰাক্তন বিধায়ক তথা লোকসভা নিৰ্বাচনত আব্দুল খালেকৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত কৰা এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছত যোগদান কৰিব ৷ জনীয়াৰ উপ নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থীত্বৰ নিশ্চয়তা প্ৰদান কৰিলেই এআইইউডিএফৰ প্ৰাক্তন বিধায়কগৰাকীয়ে যোগদান কৰিব কংগ্ৰেছত ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত চলি থকা এনে ভিতৰুৱা কথা-বতৰাবোৰৰ বিপৰীতে দুয়োটা দলে মুকলিকৈ এনে সম্ভাৱনাৰ কথা অস্বীকাৰ কৰিছে ।

কংগ্ৰেছত যোগদান কৰিব হাফিজ ৰফিকুল ইছলামে

আনকি, জনীয়াৰ কংগ্ৰেছ বিধায়ক তথা বৰপেটাৰ নব নিৰ্বাচিত সাংসদ আব্দুল খালেকে মুকলিকৈ কোনো কথা প্ৰকাশ নকৰি কৌশলী স্থিতিৰে কংগ্ৰেছৰ দুৱাৰ সকলোৰে বাবে খোলা ৰখা বুলি মন্তব্য কৰিছে ৷ আনহাতে এআইইউডিএফৰ প্ৰাক্তন বিধায়কগৰাকীয়ে কংগ্ৰেছত যোগদানক লৈ বৰপেটা জিলা কংগ্ৰেছৰ সৈতে কোনো যোগাযোগ কৰা নাই বুলি প্ৰকাশ কৰিছে কংগ্ৰেছৰ একাংশ নেতাই ৷

ABOUT THE AUTHOR

...view details