অসম

assam

ETV Bharat / briefs

হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত পূজা বেনাৰ্জীৰ বাসগৃহত উপায়ুক্ত - বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা পূজা বেনাৰ্জীলৈ অভিনন্দন

হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থানপ্ৰাপ্ত পূজা বেনাৰ্জীৰ বাসগৃহত উপস্থিত হয় বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা । পূজা আৰু তেওঁৰ পিতৃ-মাতৃক ফুলাম গামোচাৰে অভিনন্দন জনোৱাৰ লগতে পূজাৰ উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰিব বুলিও আশ্বাস দিয়ে উপায়ুক্তগৰাকীয়ে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত পূজা বেনাৰ্জীৰ বাসগৃহত উপস্থিত বৰপেটা জিলা উপায়ুক্ত
হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত পূজা বেনাৰ্জীৰ বাসগৃহত উপস্থিত বৰপেটা জিলা উপায়ুক্ত

By

Published : Jun 8, 2020, 9:42 PM IST

বৰপেটা, ৮ জুন : শনিবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দশম স্থান অধিকাৰ কৰি বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই অনা বহৰি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী পূজা বেনাৰ্জীৰ বাসগৃহত সোমবাৰে উপস্থিত হয় বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা। পূজা বেনাৰ্জীৰ এই সফলতাত গৌৰৱ অনুভৱ কৰি পূজাক ফুলাম গামোচা পিন্ধাই অভিনন্দন জনোৱাৰ লগতে কিতাপৰ টোপোলা আৰু মিঠাইৰ টোপোলা জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত পূজা বেনাৰ্জীৰ বাসগৃহত উপস্থিত বৰপেটা জিলা উপায়ুক্ত

ইয়াৰ লগতে,পূজাৰ পিতৃ উত্তম বেনাৰ্জী আৰু মাতৃ সাধনা বেনাৰ্জীকো গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে উপায়ুক্তগৰাকীয়ে । পূজাৰ ভৱিষ্যত মংগল কামনা কৰাৰ লগতে উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰিব বুলিও আশ্বাস প্ৰদান কৰে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই । পূজা বেনাৰ্জীৰ বাসগৃহত উপায়ুক্তগৰাকীৰ লগতে উপস্থিত থাকে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ ।

লগতে পঢ়ক: বৰঘূলীত বৰলুইতে দিনে নিশাই চলাইছে খহনীয়া

For All Latest Updates

ABOUT THE AUTHOR

...view details