অসম

assam

By

Published : Oct 2, 2020, 6:30 PM IST

ETV Bharat / briefs

SI পৰীক্ষা কেলেংকাৰীঃ জয়ন্তমল্ল বৰুৱাক প্ৰত্যাহ্বান বৰপেটা জিলা কংগ্ৰেছৰ

কংগ্ৰেছৰ কোন নেতা আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষা কেলেংকাৰীত জড়িত আছে সেয়া স্পষ্ট কৰাৰ বাবে জয়ন্তমল্ল বৰুৱাক প্ৰত্যাহ্বান জনায় শান্তনু শৰ্মাই ৷

Barpeta congress reaction
এছ আই পৰীক্ষা কেলেংকাৰীঃ জয়ন্তমল্ল বৰুৱাক প্ৰত্যাহ্বান বৰপেটা জিলা কংগ্ৰেছৰ

বৰপেটা, ২ অক্টোবৰঃ আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষা কেলেংকাৰীৰ সৈতে বৰপেটা জিলা কংগ্ৰেছৰ এগৰাকী সাধাৰণ সম্পাদক জড়িত থকা বুলি বিজেপি নেতা জয়ন্তমল্ল বৰুৱাই কৰা অভিযোগৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰপেটা জিলা কংগ্ৰেছে ৷ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাই শুকুৰবাৰে জয়ন্তমল্ল বৰুৱাৰ অভিযোগ সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰপেটা জিলা কংগ্ৰেছৰ কোন নেতা আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষা কেলেংকাৰীত জড়িত আছে সেয়া স্পষ্ট কৰাৰ বাবে প্ৰত্যাহ্বান জনায় ৷

এছ আই পৰীক্ষা কেলেংকাৰীঃ জয়ন্তমল্ল বৰুৱাক প্ৰত্যাহ্বান বৰপেটা জিলা কংগ্ৰেছৰ

বিজেপি কোনো অপৰাধত জড়িত হলেই সেই দোষ আনলৈ ঠেলি দিয়াৰ পূৰ্বৰ অভ্যাসৰ কথা দাঙি ধৰি যদি কংগ্ৰেছৰ কোনো নেতা এই কেলেংকাৰীৰ সৈতে জড়িত আছে তেন্তে তেওঁৰ নাম প্ৰকাশৰ বাবে জয়ন্তমল্ল বৰুৱাক প্ৰত্যাহ্বান জনাই তেও নাম প্ৰকাশৰ পিছতেই কংগ্ৰেছৰ তেনে নেতাক হাতত ধৰি আৰক্ষীক গতাই দিব বুলি মন্তব্য কৰে শান্তনু শৰ্মাই ৷

লগতে পঢ়ক: এটা খাদী উৎপাদন কেন্দ্ৰৰ মৃত্যু মুখী যাত্ৰাঃ ইটিভ ভাৰতৰ বিশেষ প্ৰতিবেদন

ABOUT THE AUTHOR

...view details