অসম

assam

ETV Bharat / briefs

কৰিমগঞ্জৰ পৰা ২০গৰাকী অবৈধ নাগৰিকক প্ৰত্যাৰ্পন বাংলাদেশলৈ

কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে ২০ গৰাকীকৈ বাংলাদেশী নাগৰিকক প্ৰত্যাৰ্পন আৰক্ষীৰ, শাস্তিৰ সময়সীমা উকলি যোৱাৰ পাছত চৰকাৰী নিয়মেৰে বাংলাদেশলৈ প্ৰেৰণ অবৈধ নাগৰিককেইজনক

২০গৰাকী বাংলাদেশীক প্ৰত্যাৰ্পন বাংলাদেশলৈ

By

Published : May 5, 2019, 12:38 PM IST

কৰিমগঞ্জ,৪মে' : শনিবাৰে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে ২০ গৰাকীকৈ বাংলাদেশী নাগৰিকক প্ৰত্যাৰ্পন কৰা হয় । বাংলাদেশী কেইজনে সীমান্তৰে অবৈধভাবে ভাৰতত প্ৰৱেশ কৰিছিল । নিৰ্ধাৰিত শাস্তিৰ সময়সীমা উকলি যোৱাৰ পাছত শনিবাৰে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে তেঁওলোকক বাংলাদেশৰ হাতত হস্তান্তৰ কৰা হয় । ২০ জনীয়া এই বাংলাদেশী দলটোত ১৯ গৰাকী পুৰুষৰ লগতে ১গৰাকী মহিলা আছিল । অধিকাংশই অসম সীমান্ত আৰু ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল ।তেওঁলোকক বৰাকৰ কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । শিলচৰৰ ডিটেন্চন কেম্প তথা কেন্দ্ৰীয় কাৰাগাৰত দুবছৰৰ পৰা চাৰি বছৰৰ শাস্তিৰ সময়সীমা উকলি যোৱাৰ পাছত চৰকাৰী সকলো নীতি-নিয়ম সম্পূৰ্ণ কৰি তেওঁলোকক বাংলাদেশৰ হাতত গতাই দিয়া হয় । উল্লেখ্য যে, চলিত বৰ্ষৰ এইটো দ্বিতীয়টো প্ৰত্যাৰ্পন প্ৰক্ৰিয়া আছিল । ইয়াৰ পূৰ্বে ১৯ জানুৱাৰীত মুঠ ২১ গৰাকী অবৈধ নাগৰিকক এনেদৰে বাংলাদেশলৈ উভতাই পঠিওৱা হৈছিল ।

২০গৰাকী বাংলাদেশীক প্ৰত্যাৰ্পন বাংলাদেশলৈ

ABOUT THE AUTHOR

...view details