অসম

assam

ETV Bharat / briefs

বিটিআৰত ইউপিপিএলৰ চৰকাৰ নিশ্চিত : প্ৰমোদ বড়ো

আনহাতে বিটিআৰৰ সকলো প্ৰাথমিক উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ লগতে বিটিআৰত বসবাস কৰা সকলো লোককে ভূমি পট্টা দিয়া আৰু ভূমিহীনক ভূমি প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

Baksha uppl meeting
বিটিআৰত ইউপিপিএলৰ চৰকাৰ নিশ্চিতঃ প্ৰমোদ বড়ো

By

Published : Oct 1, 2020, 10:32 PM IST

বাক্সা, ১ অক্টোবৰ : "এইবাৰ বিটিআৰত ইউপিপিএলৰ চৰকাৰ নিশ্চিত । বিপিএফৰ লগত এইবাৰ জনসাধাৰণ নাই" এই মন্তব্য ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ।

বৃহস্পতিবাৰে বিয়লি ২৬ নং দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গাৰোঘুটু ৰাজহুৱা খেলপথাৰত দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী ফনীন্দ্ৰ নাৰ্জাৰীৰ সমৰ্থনত অনুষ্ঠিত এক নিৰ্বাচনী সভাত তেওঁ এই মন্তব্য কৰে । দৰঙ্গাজুলি ব্লক ইউপিপিএলৰ সভাপতি কমলেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত তেওঁ পুনৰ কয়, " আজি বিপিএফে নিৰ্বাচনৰ বাবে এই অঞ্চলত ৰাজ্য পালৰ শাসন চলি থকা সত্তেও ৰাজপথত ওলাইছে। নিৰ্বাচন নালাগে বুলি আমিও কোৱা নাই । কিন্তু ৰাজপথত যিদৰে তেওঁ লোকে সমদল উলিয়াইছে, মহিলা সকলক উলিয়াই আনিছে তেনেদৰে যদি দুখীয়া সকলৰ বাবে, ঘৰৰ বাবে আন্দোলন কৰিলে হয় আমি সুখী হলোহেঁতেন । আচলতে আজি ছয়মাহে তেওঁ লোকে কোনো টকা পইচা হজম কৰিবলৈ নোপোৱাতহে এইদৰে ৰাজপথলৈ ওলাই আহিছে । বিপিএফে এতিয়া ৰাজপথত যিমানেই ধৰ্ণা নিদিয়ক, চিঞৰ বাখৰ নকৰক,ৰেলী নুলিয়াওক ৰাইজ এইবাৰ তেওঁলোকৰ লগত নাই ।"

বিটিআৰত ইউপিপিএলৰ চৰকাৰ নিশ্চিতঃ প্ৰমোদ বড়ো

ভাষণ প্ৰসংগত তেওঁ পুনৰ কয় যে, " বিটিচিত ১৭ বছৰে বিপিএফে উন্নয়ন ৰ নামত একোৱেই নকৰিলে। এমজি এনৰেগাৰ নামত জব কাৰ্ডৰ নামত, প্ৰধান মন্ত্ৰী আবাস যোজনাৰ নামত বৃহৎ কেলেংকাৰীৰ বাদে একোৱেই উন্নয়ন নকৰিলে । বিটিআৰত ইউপিপিএল চৰকাৰ আহিলে বিটিআৰ ত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন আৰু সমবিকাশৰ বাবে সকলো জনগোষ্ঠীৰ নামত উন্নয়ন পৰিষদ গঠন কৰা হ'ব। ইয়াত অকল বড়ো নাই। বাঙালী, ৰাভা, সংখ্যা লঘু, শৰণীয়া কছাৰী আদি সকলো জনগোষ্ঠী আছে। সকলো জনগোষ্ঠীৰ বাবে তেওঁ একোখন উন্নয়ন পৰিষদ গঠন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।"

আনহাতে বিটিআৰ ৰ সকলো প্ৰাথমিক উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ লগতে বিটিআৰত বসবাস কৰা সকলো লোককে ভূমি পট্টা দিয়া আৰু ভূমিহীনক ভূমি প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

প্ৰায় সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাত ইউপিপিএলৰ প্ৰাৰ্থী ফনীন্দ্ৰ নাৰ্জাৰী আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিষ্ঠাপক সভাপতি সহদেৱ দাসেও ভাষণ প্ৰদান কৰে । বৃহস্পতিবাৰৰ সভাত ইউপিপিএলৰ কেন্দ্ৰীয় উপসভাপতি দ্বয় হিৰণ্য চৌধুৰী আৰু হজৰত আলী,কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মুজিব আলী আহমেদ, কেন্দ্ৰীয় সদস্য চবেন নাৰ্জাৰী,মদন বড়ো, বিটিচি চান্টালী বিকাশ পৰিষদৰ সভাপতি মহেশ মুৰ্মুকে ধৰি বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক: বিলাসীপাৰাত অসম আৰক্ষী দিৱস উপলক্ষে পথচাৰীক মাক্স বিতৰণ

ABOUT THE AUTHOR

...view details