অসম

assam

ETV Bharat / briefs

জনপ্ৰতিনিধিৰ কাণ্ড; প্ৰথমে বেজলী তাৰপাচত ধৰ্ষণ!

বাক্সাৰ মুছলপুৰৰ অদালবাৰীত স্থানীয় ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ, পৰিষদীয় জনপ্ৰতিনিধি ঘনশ্যাম দাসে বেজালিৰ চলেৰে কিশোৰী নিৰ্যাতনৰ অপৰাধত স্থানীয় ৰাইজে প্ৰতিনিধিজনৰ প্ৰতিমূৰ্তিও দাহ কৰে

বাক্সাৰ মুছলপুৰৰ অদালবাৰীত তীব্ৰ প্ৰতিবাদ

By

Published : Apr 26, 2019, 9:11 PM IST

বাক্সা,২৬ এপ্ৰিল: শুকুৰবাৰে বাক্সাৰ মুছলপুৰৰ অদালবাৰীত সৃষ্টি হয় তীব্ৰ প্ৰতিবাদৰ । নাৰী কেলেংকাৰীত জড়িত থকাৰ অপৰাধত পৰিষদীয় জনপ্ৰতিনিধি ঘনশ্যাম দাসৰ প্ৰতিমূৰ্তি দাহ কৰে অঞ্চলবাসীয়ে । নাৰী কেলেংকাৰীত জড়িত বি টি চি পৰিষদীয় সদস্য এজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে পোহৰলৈ আহে জনপ্ৰতিনিধি ঘনশ্যাম দাসৰ পূৰ্বৰ নাৰী কেলেংকাৰীত জড়িত থকাৰ ন ন তথ্য ৷ বিটিচি দিহীৰা পৰিষদীয় সমষ্টিৰ এম.চি.এল.এ.ঘনশ্যাম দাসে দীৰ্ঘদিনৰ পৰাই বেজালিৰ চলেৰে নাৰী কেলেংকাৰী কৰি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

বাক্সাৰ মুছলপুৰৰ অদালবাৰীত তীব্ৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, ঘনশ্যাম দাসে বিভিন্ন ৰোগৰ জ্বৰা ফুকা কৰি ৰোগ নিৰাময় কৰাৰ চলেৰে নিজৰ সমষ্টিৰ বাসভৱনৰ লগতে গুৱাহাটী পাথৰকুৱেৰীৰ বাসভৱনতো চলাই আহিছিল বেজালী । বেজালীৰ চলেৰে গুৱাহাটী উজানপুখুৰীস্থিত যোৰপুখুৰীৰৰ সম্ভ্ৰান্ত পৰিয়ালৰ এজনী পোন্ধৰ বছৰীয়া বনকৰা কিশোৰীক দাসে যৌন নিৰ্যাতন কৰে যদিও কিশোৰীগৰাকীয়ে ভয়তে পৰিয়ালক প্ৰকাশ কৰা নাছিল সেই কথা । কিন্তু কিশোৰীগৰাকীৰ পেটৰ বিষ হোৱাত পৰিয়ালৰলোকে কিশোৰীগৰাকীক চিকিৎসকৰ ওচৰলৈ অনাত পোহৰলৈ আহে ন মাহৰ অন্তঃসত্বা হোৱাৰ কথা । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বেজৰূপী জনপ্ৰতিনিধিজনৰ ওপৰত সাতগাঁও আৰক্ষী থানাত গোচৰ তৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিটিচি পৰিষদীয় সদস্য ঘনশ্যাম দাসক । জনপ্ৰতিনিধিগৰাকীক গ্ৰেপ্তাৰৰ পাছতেই তীব্ৰ প্ৰতিবাদত নামি পৰে বিভিন্ন দল সংগঠন । এই ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে মুছলপুৰ জিলা বিপিএফৰ উদ্যোগত অদালবাৰীত জনপ্ৰতিনিধি ঘনশ্যাম দাসৰ প্ৰতিমুৰ্তি দাহ কৰি নাৰী কেলেংকাৰী ঘনশ্যাম দাস মুৰ্দাবাদ, বিটিচি পৰিষদীয় সদস্যৰ পদ খাৰিজ কৰক, আৰক্ষীয়ে তদন্ত কৰি ঘনশ্যাম দাসক ফাঁচী দিয়ক আদি ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ । লগতে জনপ্ৰতিনিধি ঘনশ্যাম দাসে বেজালী কৰি বহুগৰাকী যুৱতীৰ লগত যৌন সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰে ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়েও ।

ABOUT THE AUTHOR

...view details