অসম

assam

ETV Bharat / briefs

বাক্সাৰ ভোট কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং আৰু প'লিং বিষয়া - Loksabha Election

বাক্সাৰ ভোটকেন্দ্ৰত নিয়োজিত মুঠ ৩৪০০ জন কৰ্মচাৰী ৰাওনা নিজ নিজ ভোটকেন্দ্ৰলৈ ৷ নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে সুকলমে ভোট গ্ৰহণ কৰি উভতি আহিব বুলি আশাবাদী জিলা প্ৰশাসন

বাক্সাৰ ভোট কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং আৰু প'লিং বিষয়া

By

Published : Apr 22, 2019, 2:43 PM IST

বাক্সা, 22 এপ্ৰিলঃ বাক্সাত ৬৬৮ টা ভোট কেন্দ্ৰলৈ ৰাওনা তিনিহাজাৰ চাৰিশ প্ৰিজাইডিং আৰু প'লিং বিষয়া ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাত ৫,১৫,৬৫৪ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ তথ্যমতে তামুলপুৰত ২৫৩টা, চাপাগুৰীত ২০৮ টা আৰু বৰমাত আছে মুঠ ২০৭ টা ভোট গ্ৰহণ কেন্দ্ৰ ৷ জিলাখনৰ এই ভোটকেন্দ্ৰত নিয়োজিত মুঠ ৩৪০০ জন কৰ্মচাৰী ইতিমধ্যে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে ৷ জিলাখনৰ তামুলপুৰত দুটা, বৰমা আৰু মুছলপুৰত এটাকে ধৰি চাৰিটা ভোটকেন্দ্ৰ অকল মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ'ব ৷ নিৰ্বাচনত ৬৬৮ টাকৈ ইভিএম আৰু ভি ভি পেট মেচিন ব্যৱহাৰ কৰা হ'ব ৷

বাক্সাৰ ভোট কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং আৰু প'লিং বিষয়া

ইফালে পৰিবহণ বিভাগৰ পৰা জানিব পৰা মতে নিৰ্বাচনৰ বাবে জিলাখনত প্ৰায় ছশ সৰু ডাঙৰ গাড়ী ব্যৱহাৰ কৰা হৈছে ৷ নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে সুকলমে ভোট গ্ৰহণ কৰি উভতি আহিব বুলি আশাবাদী জিলা প্ৰশাসন ৷

ABOUT THE AUTHOR

...view details