বাইহাটা,১০মে' : বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ গঞাটোলা-বৰগাঁও গ্ৰাম্য পথৰ জৰাজীৰ্ণ অৱস্থা । এজাক বৰষুণতে পথটো পুখুৰী সদৃশ হৈ পৰাত বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা । যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাত ছয়-সাঁতখন গাঁৱৰ ৰাইজে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ।
হাতে-হাতে কোৰ লৈ বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ গাঁওবাসী - ৰাজনৈতিক নেতা
বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ গঞাটোলা-বৰগাঁও গ্ৰাম্য পথৰ দুৰৱস্থা, এজাক বৰষুণতেই বোকাময় পৰিৱেশ,যাৰ বাবে হাতে-হাতে কোৰ লৈ অঞ্চলবাসী ওলাই আহে পথ নিৰ্মাণৰ বাবে
হাতে-হাতে কোৰ লৈ বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ গাঁওবাসী
উল্লেখ্য যে, স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক পথটো নিৰ্মাণ কৰাৰ বাবে আবেদন জনোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী । পথটোৰ দুৰৱস্থাৰ বাবে গাঁওবাসী অতিষ্ঠ হৈ পৰে আৰু শুকুৰবাৰে হাতে-হাতে কোৰ লৈ পথটো নিৰ্মাণৰ বাবে ওলাই আহে ভুক্তভোগী ৰাইজ । ইফালে,অতি শীঘ্ৰে পথটোৰ সু-ব্যৱস্থা নকৰিলে অনাগত দিনত অঞ্চলটোত ৰাজনৈতিক নেতাৰ প্ৰৱেশ বন্ধ হ'ব বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে ।