অসম

assam

ETV Bharat / briefs

বাইহাটা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপৰহণ কৰা বাহন - মুক্তাপুৰ

বাইহাটা আৰক্ষীয়ে ৮ ঘণ্টাৰ ভিতৰতে অপহৰণ হোৱা বলেৰ' পিকআপ ভেন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বাহনখন বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী মুক্তাপুৰত এটা পুখুৰীৰ পৰা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে

বাইহাটা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপৰহণ হোৱা বাহন

By

Published : May 22, 2019, 2:54 PM IST

কামৰূপ,২২মে': কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা। ৮ ঘণ্টাৰ ভিতৰতে অপহৰণ কৰা বলেৰ' পিকআপ ভেন উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাইহাটা চাৰিআলি আৰক্ষীয়ে ।

বাইহাটা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপৰহণ হোৱা বাহন


উল্লেখ্য যে, কোনো দুৰ্বৃত্তই গুৱাহাটীৰ পৰা ধেমাজীৰ চিলাপথাৰলৈ এয়াৰটেল টাৱাৰৰ সামগ্ৰী কঢ়িয়াই নিয়া এখন বলেৰ' পিকআপ ভেন বলপূৰ্বকভাৱে ডকাইতি কৰিছিল ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডমুনিচকীত দলঙৰ পৰা দুৰ্বৃত্তৰ এটা দলে পিকআপ ভেন খনক ভেটি ধৰি চালক আৰু হেন্দিমেনক ভয় দেখুৱাই পিক আপ ভেনখনত উঠাই লৈ যায় আৰু তাৰপিচতে আদবাটতে বাহনৰ পৰা চালক আৰু হেণ্ডিমেনক নমাই দিয়ে। ইফালে, এই ঘটনাৰ পাছতে চালক আৰু হেণ্ডিমেনজনে বাইহাটা চাৰিআলি থানাত খবৰ দিয়ে। বাইহাটা আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি ৮ঘন্টাৰ ভিতৰতে অপহণকাৰীয়ে পেলাই থৈ যোৱা এয়াৰটেল টাৱাৰৰ সামগ্ৰীসমূহ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী মুক্তাপুৰত এটা পুখুৰীৰ পৰা পৰিত্যক্ত অৱস্থাৰ পৰা উদ্ধৰ কৰে । আনহাতে,অপহৰণ হোৱা পিকআপ ভেনখনত জি.পি.এছ থকাৰ বাবে বাইহাটা চাৰিআলিৰ আৰক্ষীয়ে ৰঙিয়াৰ পৰা বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাহনখনত থকা থকা প্ৰায় ৩০ লাখ টকাৰ সামগ্ৰীৰ লগতে গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দুৰ্বৃত্তকেইজনক বৰ্তমানেও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

ABOUT THE AUTHOR

...view details