মৰাণ,১৬ ডিচেম্বৰ :জনজাতিকৰণৰ দাবীত মৰাণত আটাছুৰ মটৰচাইকেল ৰেলী ৷ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰিছে টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক । বিভিন্ন সময়ত জনগোষ্ঠী কেইটাই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে যদিও এই প্ৰতিবাদক যেন গুৰুত্ব নিদিয়া হৈছে চৰকাৰখনে ।
বুধবাৰে টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে টাই আহোমক জনজাতিকৰণৰ দাবীত মৰাণত এক বাইক ৰেলী বাহিৰ কৰে । আটাছুৰ ডিব্ৰুগড় আৰু চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত মৰাণ নগৰৰ বিভিন্ন অঞ্চলত সংগঠনটোৰ শতাধিক কৰ্মকৰ্তাই জনজাতিকৰণ কৰিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।