অসম

assam

ETV Bharat / briefs

৮০-১০০ খন আসনত প্ৰতিদ্বন্দিতা কৰিব আছুৰ ৰাজনৈতিক দলে

৮০-১০০ খন আসনত প্ৰতিদ্বন্দিতা কৰিব আছুৰ ৰাজনৈতিক দলে
৮০-১০০ খন আসনত প্ৰতিদ্বন্দিতা কৰিব আছুৰ ৰাজনৈতিক দলে

By

Published : Sep 7, 2020, 3:34 PM IST

গুৱাহাটী,৭ ছেপ্টেম্বৰঃযদিওবা এতিয়াও আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰা নাই সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গঠন হবলগীয়া নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে,কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত এই দলটোৱে কমেও ৮০ৰ পৰা ১০০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত । ইতিমধ্যে ইয়াৰ বাবে সকলো প্ৰাৰম্ভিক প্ৰস্তুতি চলিছে । সম্প্ৰতি সাংগঠনিক কামত তিনিচুকীয়াত ব্যস্ত থকাসদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সোমবাৰে ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰে এই কথা ।

পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত খুব সোনকালেই নতুন দল গঠনৰ আনুষ্ঠানিকতা আৰম্ভ হব । ইপিনে ই টিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি কংগ্ৰেছ আৰুঅগপৰ ভালেকেইগৰাকী শীৰ্ষ নেতা,প্ৰাক্তন বিধায়কে আছুৰ উদ্যোগত গঠন হবলগীয়া এই দলটোত যোগদানৰ বাবে সাজু হৈছে । এইসকলৰ ভিতৰত আছে কংগ্ৰেছৰ পৰা নিলম্বিত নেতাও । আছে সম্প্ৰতি অগপত একপ্ৰকাৰ "এলাগী" স্বৰূপ হৈ পৰা নেতা ।

অৱশ্যে গঠন হবলগীয়া এই নতুন দলটোৱে কংগ্ৰেছ আৰু বিজেপিৰ পৰা দুৰত্ব বজাই ৰাখিব বুলিও স্পষ্ট কৰি দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details