অসম

assam

ETV Bharat / briefs

মাতৃভূমিত উপস্থিত শ্ৰেষ্ঠ চুটি ছবিৰ পৰিচালক ধৃতিমান কাকতি - শ্ৰেষ্ঠ চুটি ছৱি

ইউৰোপৰ বুডাপেষ্টৰ গদল চহৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱত অসমৰ ধৃতিমান কাকতিয়ে পৰিচালনা কৰা 'দ্যা মেন হু স্পিকচ নেচাৰ' শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰাৰ পাছতেই মঙলবাৰে মাতৃভূমিত উপস্থিত হয় ধৃতিমান,ধৃতিমানক আত্মীয় আৰু শুভকাংক্ষীয়ে আদৰণী জনায় বৰঝাৰ বিমানবন্দৰত

মাতৃভূমিত উপস্থিত শ্ৰেষ্ঠ চুটি ছৱিৰ পৰিচালক ধৃতিমান কাকতি

By

Published : May 28, 2019, 4:08 PM IST

কামৰূপ,২৮মে' : অসমলৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান কঢ়িয়াই আনি মঙলবাৰে মাতৃভূমিত উপস্থিত হয় ধৃতিমান কাকতি । ইউৰোপৰ বুডাপেষ্টৰ গদল চহৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবি হিচাপে স্বীকৃতি লাভ কৰে ধৃতিমান কাকতিৰ 'দ্যা মেন হু স্পিকচ নেচাৰে' । ইউৰোপত আয়োজক সকলৰ নিমন্ত্ৰণ ক্ৰমে এই মহোৎসৱখনিত উপস্থিত হৈ ধৃতিমানে শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । বোকাখাতৰ নিবাসী ধৃতিমান কাকতিয়ে বঁটা গ্ৰহণ কৰি মঙলবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় । ধৃতিমান উপস্থিত হোৱাৰ লগে-লগে আত্মীয় আৰু শুভকাংক্ষীয়ে আদৰণি জনায় ধৃতিমানক । অসমীয়া ছবি জগতে পৰিৱৰ্তন অনা বুলি মন্তব্য কৰি ধৃতিমানে নিজৰ এই সাফল্যত সুখী বুলি জনাই ৷

মাতৃভূমিত উপস্থিত শ্ৰেষ্ঠ চুটি ছৱিৰ পৰিচালক ধৃতিমান কাকতি

ABOUT THE AUTHOR

...view details