গুৱাহাটী, ১৬ জুনঃৰাজ্যত মঙলবাৰে পুনৰ ১৮৮ গৰাকী কোভিড-১৯ ৰোগীক হাস্পতালৰ পৰা মুকলি কৰি দিয়া হয়। কোভিড-১৯ পজিটিভ পোৱাৰ পাছত ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰাথমিক, জিলা আৰু ম'ডেল হাস্পতালত চিকিৎসাধীন হৈ আছিল এইসকল ৰোগী। কেইবাদিন ধৰি চিকিৎসাৰ অন্তত কৰ'ণা ভাইৰাছ পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱাত আজি ঘৰলৈ যাবলৈ দিয়া হয় ১৮৮ জনকৈ ৰোগীক। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।
ৰাজ্যত ১৮৮ জন কোভিড-১৯ ৰোগীক হাস্পতালৰ পৰা মুকলি - assam health minister Himanta biswa Sarma
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি অসমত কোভিড-১৯ আক্ৰান্ত লোকৰ তুলনাত আৰোগ্য লাভ কৰা লোকৰ হাৰ অধিক।
Assam Covid19 update: 188 more Covid19 patients discharged from Hospital today
সম্প্ৰতি ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত হোৱা মুঠ ৪,৩১৯ গৰাকী লোকৰ ভিতৰত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ১,৯১৫ গৰাকী ৰোগী। আনহাতে, ২,৩৯৩ গৰাকী এই ভাইৰাছৰ কৱলৰ পৰা উপশম লাভ কৰিছে। তদুপৰি,ৰাজ্যত এই মহামাৰীত মৃত্যু হৈছে ৮ জনকৈ ৰোগীৰ। কিন্তু,স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যত কোভিড-১৯ আক্ৰান্ত লোকৰ তুলনাত আৰোগ্য লাভ কৰা ব্যক্তিৰ হাৰ অধিক।
লগতে চাওকঃ বাঘজান অগ্নিকাণ্ডৰ বাবে আওপকীয়াকৈ ONGCক দোষাৰোপ কামাখ্যা প্ৰসাদ তাছাৰ