নতুন দিল্লী, ১২ জুন : চাৰি বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছে ভাৰতীয় দৌৰবিদ গোমতী মেৰিমুথুক । মেৰিমুথুৰ ২০১৯ বৰ্ষৰ এছিয়ান চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদকো কাঢ়ি লোৱা হৈছে । এথেলেটিক ইন্টিগ্ৰিটি ইউনিটে শুকুৰবাৰে ঘোষণা কৰে এই কথা । সংস্থাটোৱে লগতে দুমাহৰ ভিতৰত বিগত এবছৰৰ সকলো খেলৰ পৰা দৌৰবিদগৰাকীক নিষিদ্ধ ঘোষণা কৰাৰ কথা উল্লেখ কৰে ।
চাৰি বছৰলৈ নিষিদ্ধ গোমতী মেৰিমুথু - চাৰি বছৰলৈ নিষিদ্ধ গোমতী মেৰিমুথু
গোমতী মেৰিমুথুৰ নানড্ৰোলনৰ বি টেষ্টত ইতিবাচক ফলাফল অহাৰ পাছতেই এথেলেটিক ইন্টিগ্ৰিটি ইউনিটে কৰে এই ঘোষণা ।

Asian C'ships gold medallist Gomathi banned for four years
৩১ বছৰীয়া ভাৰতীয় দৌৰবিদগৰাকীৰ এনাবোলিক ষ্টেৰয়েড নানড্ৰোলনৰ টেষ্টত ইতিবাচক ফলাফল পোৱা গৈছে । ২০১৯ বৰ্ষৰ এছিয়ান চেম্পিয়নশ্বিপৰ বাবে মেৰিমুথুৰ এনাবোলিক ষ্টেৰয়েড নানড্ৰোলনৰ টেষ্ট কৰা হৈছিল । শুকুৰবাৰে খেলুৱৈগৰাকীৰ নানড্ৰোলনৰ বি টেষ্টতো ইতিবাচক ফলাফল অহাৰ পাছতেই এথেলেটিক ইন্টিগ্ৰিটি ইউনিটে কৰে এই ঘোষণা । এই ফলাফলৰ পাছত ২০২৩ চনৰ মে' মাহলৈ কোনো ধৰণৰ খেলত অংশ ল'ব নোৱাৰিব গোমতী মেৰিমুথুয়ে ।
লগতে চাওকঃ গোপনে সৰবৰাহ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী !