কলিয়াবৰ,৩০ এপ্ৰিলঃ মঙলবাৰে কলিয়াবৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয় এখন ঘূৰণীয়া মেজমেলৰ। মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগে আয়োজন কৰে এই মেজমেলৰ। য'ত মুখ্যবক্তা হিচাপে ফ্ৰান্সৰ লি.হাৰ্ভে বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দৰ্ৱিশ খুদৰীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষিণ-পূৱ এছিয়া অধ্যয়ন কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত অধ্যাপক ননীগোপাল মহন্ত আৰু অধ্যাপক অখিল ৰঞ্জন দত্ত উপস্থিত থাকে। এই ঘূৰণীয়া মেজমেলত বৰ্তমান বিশ্বৰ ৰাজনীতিত এছিয়াৰ প্ৰভাৱ ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত ফলত বিশ্বৰ চীন, ভাৰত আদি দেশৰ ৰাজনৈতিক প্ৰতিপত্তি বৃদ্ধি হোৱাৰ বিভিন্ন তথ্যৰ বিষয়ে আলোচনা কৰা হয় ।
কলিয়াবৰ মহাবিদ্যালয়ত "এছিয়াৰ উত্থান" শীৰ্ষক ঘূৰণীয়া মেজমেল - এ বুক অন চামাৰী অফ ডা পি. এইছ. ডি. থেছিছ
কলিয়াবৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে আয়োজন কৰিছে "এছিয়াৰ উত্থান" শীৰ্ষক এখন ঘূৰণীয়া মেজমেলৰ,মেজমেলত অংশগ্ৰহণ কৰে ফ্ৰান্সৰ লি.হাৰ্ভে বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দৰ্ৱিশ খুদৰীয়ে,মেজমেলত উন্মোচন দুখনকৈ গ্ৰন্থ
"এছিয়াৰ উত্থান" শীৰ্ষক ঘূৰণীয়া মেজমেল
আনহাতে এই মেজমেলৰ লগত সংগতি ৰাখি "উদ্দীপন" আৰু "এ বুক অন চামাৰী অফ ডা পি. এইছ. ডি. থেছিছ কলিয়াবৰ কলেজ" শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ড০ দৰ্ৱিশ খুদৰীয়ে এই গ্ৰন্থ দুখন উন্মোচন কৰে। মহাবিদ্যালয়খনৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি এই ঘূৰণীয়া মেজমেলখনৰ আয়োজন কৰা হয় ।