অসম

assam

বাস্তৱিক প্ৰতিভা সন্দৰ্ভত কি ক'লে অনুষ্কা শৰ্মাই?

By

Published : Jun 27, 2020, 3:19 PM IST

২৫ বছৰ বয়সতে ছবি নিৰ্মাতা হিচাপে কাম কৰা অভিনেত্ৰী অনুষ্কা শৰ্মাই মত প্ৰকাশ কৰে যে, যেতিয়া তেওঁ প্ৰথম ছবি নিৰ্মাতা হিচাপে কাম কৰিছিল, তেতিয়া অভিনেত্ৰীগৰাকীৰ মনত স্পষ্টতা আহিছিল যে, প্ৰতিভাশালী লোকসকলক তেওঁ কেমেৰাৰ সন্মুখলৈ লৈ আনিব পাৰিব ।

বাস্তৱিক প্ৰতিভা সন্দৰ্ভত কি ক'লে অনুষ্কা শৰ্মাই?
বাস্তৱিক প্ৰতিভা সন্দৰ্ভত কি ক'লে অনুষ্কা শৰ্মাই?

চিটাৰা ডেস্ক, ২৭ জুন : বলিউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই তেওঁৰ প্ৰথমখন ছবি ‘ৰব নে বনা দি জোড়ী’ৰ সৈতে তেওঁ প্ৰকৃততে বলিউডত ভুমুকি মৰা নাছিল । এই সন্দৰ্ভত অভিনেত্ৰী-ছবি নিৰ্মাতা অনুষ্কা শৰ্মাই কয় যে, তেওঁ এই ক্ষেত্ৰত স্পষ্ট আছিল যে তেওঁ নিজৰ প্ৰতিভাক বাস্তৱিকতে ওভতাই আনিব ।

লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘’তেওঁ নিজ ভাতৃ কৰ্ণেশৰ সৈতে মিলি ২৫ বছৰ বয়সতে নিজৰ প্ৰডাকচন হাউছ নিৰ্মাণ কৰে আৰু এই ক্ষেত্ৰত তেওঁ বলিউডৰ কিছুমান বিখ্যাত ছবি নিৰ্মাতাৰ সৈতে সহযোগিতা স্থাপন কৰে । যেতিয়া তেওঁ প্ৰথম ছবি নিৰ্মাতা হিচাপে কাম কৰিছিল, তেতিয়া অভিনেত্ৰীগৰাকীৰ মনত স্পষ্টতা আহিছিল যে প্ৰতিভাশালী লোকসকলক তেওঁ কেমেৰাৰ সন্মুখলৈ লৈ আনিব পাৰিব ।''

বাস্তৱিক প্ৰতিভা সন্দৰ্ভত কি ক'লে অনুষ্কা শৰ্মাই?

অভিনেত্ৰী অনুষ্কা শৰ্মাই ইতিমধ্যে NH10, Pari, Phillauri, Paatal Lok আৰু শেহতীয়াকৈ মুক্তি পোৱা Bulbbul নামৰ ছবিকেইখনত অভিনয়ৰ লগতে প্ৰযোজনা কৰিছে ।

লগতে পঢ়ক : ক'ত আৰু কেতিয়া মুক্তি পাব সুশান্তৰ শেষৰখন ছবি ?

ABOUT THE AUTHOR

...view details