তিনিচুকীয়া, 7 জুন: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাকপথাৰ অঞ্চলত বিদ্যালয়ে বিদ্যালয়ে এক ব্যতিক্ৰমী অনুষ্ঠান হাতত লৈছে ৷ বিদ্যালয় সমুহত ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথিৰ জ্ঞানৰ লগতে সাধাৰণ জ্ঞান বৃদ্ধিৰ উদ্দেশ্যেৰে এক প্ৰশ্ন মঞ্চ অনুষ্ঠানৰ আয়োজন কৰিছে সংগঠনটোৱে৷ লগতে শেষত জিলাখনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব বুলিও সংগঠনটোৱে জানিবলৈ দিয়ে৷ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত এটা মধুৰ সম্পৰ্ক গড়ি তোলাৰো এক প্ৰয়াস বুলি আঞ্চলিক সমিতিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে ৷ আজি কাকপথাৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুস্থান কৈলাশপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত উক্ত অনুষ্ঠান সম্পন্ন হয় ৷
অ জা যু ছা পৰ বিদ্যালয়ে বিদ্যালয়ে প্ৰশ্ন মঞ্চ অনুষ্ঠান
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাকপথাৰ অঞ্চলত বিদ্যালয়ে বিদ্যালয়ে এক ব্যতিক্ৰমী অনুষ্ঠান হাতত লৈছে ৷ বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথিৰ জ্ঞানৰ লগতে সাধাৰণ জ্ঞান বৃদ্ধিৰ উদ্দেশ্যেৰে এক প্ৰশ্ন মঞ্চ অনুষ্ঠানৰ আয়োজন কৰিছে সংগঠনটোৱে ৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰৰ ব্যতিক্ৰম কাৰ্যসুচী, বিদ্যালয়ে বিদ্যালয়ে প্ৰশ্ন মঞ্চ অনুষ্ঠান
যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপ সভাপতি সোণমনি চলিহাৰ নেতৃত্বত হোৱা অনুষ্ঠানটিত প্ৰশ্ন মঞ্চ অনুষ্ঠান আঁত ধৰে শিক্ষক উৎপল দত্তই ৷ সমাজ জীৱনৰ লগতে পাঠ্যপুথিৰ বিভিন্ন প্ৰশ্নৰ সুন্দৰকৈ উত্তৰ দি ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়খনৰ শিক্ষাৰ মানদণ্ড প্ৰতিফলিত কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জল ভৱিষ্যতৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাতত লোৱা এনে ধৰণৰ পদক্ষেপ নি-সন্দেহ শলাগিবলগীয়া ৷