অসম

assam

ETV Bharat / briefs

বিধায়কৰ বাসগৃহ ঘেৰাও AIDSO ৰ

দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ সুযোগ দিয়াৰ দাবীত ছাত্ৰ সংগঠনটোৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

By

Published : Jun 29, 2019, 3:11 PM IST

শিলচৰৰ বিধায়কৰ বাসগৃহ ঘেৰাও

শিলচৰ , ২৯ জুন:শনিবাৰে এআইউডিএছও ছাত্ৰ সংগঠনে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালৰ বাসভৱন ঘেৰাও কৰে । দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ সুযোগ দিয়াৰ দাবীত ছাত্ৰ সংগঠনটোৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

শিলচৰৰ বিধায়কৰ বাসগৃহ ঘেৰাও

AIDSO ছাত্ৰ সংগঠনৰ দলটোৱে বিধায়ক গৰাকীৰ অম্বিকাপট্টিৰ বাসভৱনত উপস্থিত হৈ বহু সময় ধৰি ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰে । ইয়াৰোপৰি প্ৰতিবাদী দলটোৱে বিগত দুটা বছৰ ধৰি ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়াকৈ কলেজত নাম ভৰ্তি কৰা শিক্ষা বিভাগৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ প্ৰতিলিপি দাহ কৰে ।

ABOUT THE AUTHOR

...view details