অসম

assam

By

Published : May 18, 2019, 9:45 PM IST

ETV Bharat / briefs

প্ৰায়েই স্কুটি ভাড়াত লৈছিল জাহ্নবী শইকীয়াই

জাহ্নবী শইকীয়াই বাহন ভাড়াত লোৱা আহিজা প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰী উপকুল তালুকদাৰে সম্বোধন কৰে এখন সংবাদমেল, সংবাদমেলত জাহ্নবীয়ে প্ৰায়ে বাহন ভাড়াত লোৱাৰ কথা উল্লেখ কৰাৰ লগতে জু ৰোডত গ্ৰেণেড বিস্ফোৰণ সংঘটিত হোৱা দিনাখনো স্কুটি ভাড়াত লোৱাৰ কথা উল্লেখ কৰে

জাহ্নবী শইকীয়াই বাহন ভাড়াত লোৱা প্ৰতিষ্ঠানৰ সংবাদমেল

গুৱাহাটী,১৮মে': জু ৰোডৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ লগত জৰিত থকা জাহ্নবী শইকীয়াই স্কুটি ভাড়াত লৈছিলে আহিজা প্ৰতিষ্ঠানৰ পৰা। শনিবাৰে আহিজা প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰী উপকুল তালুকদাৰে সম্বোধন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে। ইফালে, ঘটনা সংঘটিত হোৱাৰ দিনাখনো জাহ্নবীয়ে 12 মান বজাত অকলে স্কুটি ভাড়ালৈ নিবলৈ আহিছিল আৰু ভাড়ালৈ লোৱা স্কুটিৰ বাবে ড্ৰাইভিং লাইচেন্স স্বত্তাধিকাৰীক জাহ্নবীয়ে দেখুৱাইছিল বুলি মন্তব্য কৰে উপকুল তালুকদাৰে। 450 টকাত ভাড়ালৈ লোৱা বাহনখন পিছদিনা স্বত্তাধিকাৰীক উভতাই দিয়াৰ কথা আছিল যদিও বাহনখন ঘূৰাই নিদিয়াত প্ৰতিষ্ঠানৰ পৰা ফোন কৰিছিল জাহ্নৱীক। কিন্তু জাহ্নবীয়ে ফোন বন্ধ কৰি ৰখাৰ বাবে সংযোগ স্থাপন কৰিব পৰা নাছিল প্ৰতিষ্ঠানটোৱে। ইয়াৰ পাছতে সংবাদ মাধ্যমত প্ৰকাশিত হোৱা খবৰত AS-01DQ-4420 নম্বৰৰ স্কুটীখন গীতানগৰ আৰক্ষী চকীত থকাৰ কথা গম পাই প্ৰতিষ্ঠানৰ গৰাকীয়ে আৰু লগে-লগেই আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে যোগাযোগ কৰে আৰু আৰক্ষীৰ সৈতে এক বৈঠকতো মিলিত হয় বুলি প্ৰতিষ্ঠানটোৱে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

জাহ্নবী শইকীয়াই বাহন ভাড়াত লোৱা প্ৰতিষ্ঠানৰ সংবাদমেল


ইফালে, উপকুল তালুকদাৰে সংবাদমেলত কৰা মন্তব্য অনুসৰি বাহনখনত জি.পি.এচ. চিষ্টেম সংযোগ কৰা আছিল, যাৰ ফলত আৰক্ষীয়ে বাহনখনৰ গতি বিধি নিৰীক্ষণ কৰিবলৈ সহজ হ'ব। ইফালে, বিস্ফোৰণ সংঘটিত হোৱা উক্ত দিনটোত বাহনখনৰ গতি বিধি বিস্ফোৰণস্থলীৰ আশে পাশে থকা কথা আৰক্ষীয়ে সম্ভেদ পাইছে । ইয়াৰোপৰি সংবাদমেলত আহিজা প্ৰতিষ্ঠানে গ্ৰেণেড বিস্ফোৰণৰ আহত সকলক 1 লাখ টকাৰ সাহাৰ্য আগবঢ়োৱাৰ লগতে সাহাৰ্য সংগ্ৰহ কৰাৰ অৰ্থে এক আঁচনি হাতত লোৱাৰ কথা জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details