যোৰহাট,৪মে' : শনিবাৰে যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় ২১ তম দীক্ষান্ত সমাবৰ্তন । ৰাজ্যপাল জগদীশ মূখীয়ে সভাপতিত্ব কৰা এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰা । এই অনুষ্ঠানত নেছনেল অকাডেমি অৱ এগৰিকাৰ্ছাৰেল চাইন্সৰ সভাপতি আৰু জান্সি আৰ.এল.বি.কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ডঃ প্ৰণৱ সিং, আৰু অসমৰ কৃষি খণ্ডৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা ধ্ৰুৱজ্যোতি শৰ্মাক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সন্মানীয় ডক্টৰ অৱ চাইন্স ডিগ্ৰী প্ৰদান কৰা হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কয় যে "এটা সময় আছিল খেতিয়কৰ সন্তান বুলিলে মানুহে মোক ভাল দৃষ্টিৰে চোৱা নাছিল । মই খেতিয়কৰ সন্তান । দেশ আৰু ৰাজ্যক প্ৰগতিশীল কৰিবলৈ হ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে কৃষি । কৃষি অবিহনে এটা জাতি আগবাঢ়ি যাব নোৱাৰে । অসমৰ দৰে সাৰুৱা মাটিত আমি কেনেদৰে একেডৰা মাটিতে বেছি খেতি কৰিব পাৰো তাত গুৰুত্ব দিয়া উচিত" ।
যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ৰ ২১ তম দীক্ষান্ত সমাবৰ্তন
যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় ২১ তম দীক্ষান্ত সমাবৰ্তন, অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে সভাপতিত্ব কৰে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰা
আনহাতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ বাবে বিভিন্ন আঁচনি লোৱাৰ কথাও উল্লেখ কৰে । এই পদক্ষেপৰ অংশস্বৰূপে কৃষিক্ষেত্ৰৰ উন্নয়নৰ বাবে বিশ্ববিদ্যালয়ৰ ৬২ জন ছাত্ৰ-ছাত্ৰীক ২০ দিনৰ বাবে বিদেশলৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে ১৮ গৰাকী শিক্ষকক ৩ মাহৰ বাবে বিদেশলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে । লগতে উপাচাৰ্যগৰাকীয়ে ৭৩ হাজাৰ কৃষকক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰি বিশ্ববিদ্যালয়খনে উন্নয়নৰ বাবে ৪কোটি টকা লাভ কৰা বুলিও উল্লেখ কৰে ।