অসম

assam

ETV Bharat / briefs

মিত্ৰজোট চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আঞ্চলিকতাবাদ সুৰক্ষা সমিতিৰ

অগপ-বিজেপি মিত্ৰজোটৰ পাচতে অন্তঃকন্দলত জৰ্জৰিত হোৱা আঞ্চলিক দল অগপৰ পৰিপ্ৰেক্ষিততে আত্মপ্ৰকাশ কৰিলে আঞ্চলিকতাবাদী সুৰক্ষা সমিতি নামৰ দলটোৱে

By

Published : Apr 8, 2019, 8:22 PM IST

আঞ্চলিকতাবাদ সুৰক্ষা সমিতি

আঞ্চলিকতাবাদ সুৰক্ষা সমিতি

যোৰহাট, ৮ এপ্ৰিলঃ বিজেপিক ভোট নিদিবলৈ আহ্বান নৱ গঠিত আঞ্চলিকতাবাদ সুৰক্ষা সমিতি নামৰ সংগঠনৰ । অগপ-বিজেপি মিত্ৰজোটৰ পাচতে অন্তঃকন্দলত জৰ্জৰিত হোৱা আঞ্চলিক দল অগপৰ পৰিপ্ৰেক্ষিততে আত্মপ্ৰকাশ কৰিলে আঞ্চলিকতাবাদী সুৰক্ষা সমিতি নামৰ দলটোৱে । সোমবাৰে যোৰহাট প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি নৱ গঠিত দলটোৰ আহ্বায়ক নিৰেন শৰ্মাই বিজেপক ভোট নিদিবলৈ আহ্বান জনাই ভোটাৰ ৰাইজক । বিজেপি পুনৰ শাসনলৈ আহিলে CAB আনিবই আৰু CAB য়ে অসমীয়া জাতি ধ্বংস কৰিব বুলি মন প্ৰকাশ কৰে । আনহাতে, দলটোৰ আন এজন সদস্য হৰেশ নেওগে অগপক মেৰুদণ্ডহীন বুলি মন্তব্য কৰে । লগতে ক্ষমতা লোভে অগপক অন্ধ কৰাৰ লগতে এআইইউডিএফৰ দৰে ভোট ভিক্ষা কৰিবলগীয়া হোৱা বুলিও মত প্ৰকাশ কৰে সদস্য গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details