চিটাৰা ডেস্ক, ৪ ফেব্ৰুৱাৰী: এইবাৰ বায়'পলাৰ চৰিত্ৰত দেখা যাব অভিনেত্ৰী অদা শৰ্মাক । চুহা বিল্লী শীৰ্ষক এখন ডাৰ্ক বিষয়ধৰ্মী ছবিত ডিপ্ৰেশ্যনৰ চিকাৰ হোৱা বায়'পলাৰ ৰোগত আক্ৰান্ত ছোৱালীৰ চৰিত্ৰত অদাই অভিনয় কৰিছে ।
সংবাদ মাধ্যমৰ সন্মুখত অদাই এইবুলি কয়, "চুহা বিল্লী হৈছে ডাৰ্ক বিষয়ধৰ্মী । মই এগৰাকী বায়'পলাৰ ছোৱালীৰ চৰিত্ৰ চৰিত্ৰায়ন কৰিছো । বাস্তৱত মই অভিনয় কৰিব উলোৱা চৰিত্ৰটোৰ সম্পূৰ্ণ বিপৰীত । এই কথাষাৰে মোক চৰিত্ৰটোৰ বাবে অধিক আগ্ৰহী কৰি তুলিলে । ছবিখনৰ বাবে আমি বহুখিনি কৰ্মশালাও কৰিছো ।