ৰঙিয়া,১জুন : কামৰূপ জিলা ছাত্ৰ সন্থাৰ অভিনৱ পদক্ষেপ । শুকুৰবাৰে ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ৰেল'ৱে নিযুক্তি পৰীক্ষাৰ বিনামূলীয়া এটা প্ৰশিক্ষণ শিবিৰ উদ্ধোধন কৰা হয় । এই শিবিৰটো উদ্ধোধন কৰে আছুৰ সভাপতি দীপাংক নাথে । কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ চলিব দুমাহলৈ । সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে হ'বলগীয়া প্ৰশিক্ষণ শিবিৰটোত ৰে'ল বিভাগৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াই প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিব বুলি মন্তব্য কৰে আছুৰ সভাপতি দীপাংক নাথে ।
ৰঙিয়াত ৰে'লৱেৰ পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ মুকলি আছুৰ - দীপাংক নাথ
ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ৰেল'ৱে নিযুক্তি পৰীক্ষাৰ বিনামূলীয়া এটা প্ৰশিক্ষণ শিবিৰ উদ্ধোধন কৰা হয় । এই শিবিৰটো উদ্ধোধন কৰে আছুৰ সভাপতি দীপাংক নাথে ।
ৰঙিয়াত ৰেল'ৱে নিযুক্তি পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ মুকলি
আনহাতে, উদ্বোধনী অনুষ্ঠানত ৰে'ল বিভাগৰ শীৰ্ষ বিষয়া এল.টিউচিঙে ৰে'ল বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে এনেধৰণৰ প্ৰশিক্ষণৰ অতি প্ৰয়োজন বুলি উল্লেখ কৰি এই প্ৰশিক্ষণ শিবিৰটোৰ পৰা বহু নিৱনুৱা যুৱক-যুৱতীৱে ৰেল' বিভাগত নিযুক্তি পোৱাত সহায় লাভ কৰিব বুলি মন্তব্য কৰে । লগতে আছুৰ সভাপতি দীপাংক নাথে অসমীয়া ভাষাৰ প্ৰতি অহা ভাবুকিৰ বিষয়েও মন্তব্য কৰি কয় অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজন ৷