গোলাঘাট, ২ অক্টোবৰ: উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ দেশ । দেশজুৰি দোষীৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈছে, হৈছে প্ৰতিবাদ । আম আদমী পাৰ্টীয়েও ভুক্তভোগী যুৱতীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দোষীৰ উচিত শাস্তিৰ দাবী কৰে ।
হাথৰছ কাণ্ডৰ ভুক্তভোগীলৈ শ্ৰদ্ধাঞ্জলি গোলাঘাট জিলা আম আদমী পাৰ্টীৰ - Uttarpradesh
গোলাঘাট নগৰৰ বাটা পইন্টত কেণ্ডেল আৰু বন্তি প্ৰজ্বলন কৰি ভুক্তভোগী লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মৌন সমদল বাহিৰ কৰে গোলাঘাটৰ আম আদমী পাৰ্টিৰ কৰ্মকৰ্তা সকলে।
হাথৰছ কাণ্ডঃ ভুক্তভোগী লৈ শ্ৰদ্ধাঞ্জলি আম আদমী পাৰ্টিৰ
গোলাঘাট নগৰৰ বাটা পইন্টত কেণ্ডেল আৰু বন্তি প্ৰজ্বলন কৰি ভুক্তভোগী লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মৌন সমদল বাহিৰ কৰে গোলাঘাটৰ আম আদমী পাৰ্টীৰ কৰ্মকৰ্তা সকলে। তদুপৰি উত্তৰ প্ৰদেশ আৰু ভাৰত চৰকাৰক তীব্ৰ সমালোচনা কৰে গোলাঘাটৰ আম আদমী পাৰ্টীয়ে। উত্তৰ প্ৰদেশ চৰকাৰে ধৰ্ষণকাৰীৰ পক্ষত থকাৰ অভিযোগো উত্থাপন কৰে দলটোৰ কৰ্মকৰ্তা সকলে ।
লগতে পঢ়ক: চতিয়াৰ চকীঘাটত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ