নামতিত বিদ্যুৎস্পৃষ্ট যুৱকৰ মৃত্যু - নিহত যুৱক
শিৱসাগৰৰ নামতিত বিদ্যুৎস্পৃষ্ট হৈ দিগন্ত বৰা নামৰ এজন যুৱকৰ মৃত্যু হয়

নামতিত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু
আমগুৰি,২২জুন : শিৱসাগৰৰ নামতিত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজনৰ নাম দিগন্ত বৰা। নামতিৰ শালকাঠনিৰ দিগন্ত বৰা নামতি বিদ্যুৎ উপকেন্দ্ৰৰ অস্থায়ী কৰ্মচাৰী আছিল । শুকুৰবাৰে বিদ্যু্তৰ কাম কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত হৈছিল দিগন্ত বৰা। দিগন্তক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও শনিবাৰে যুৱকজনৰ মৃত্যু হয়। স্থানীয় ৰাইজৰ দাবী নামতি বিদ্যুৎ উপকেন্দ্ৰৰ কৰ্মচাৰীৰ ভুলৰ বাবেই যুৱকজনৰ মৃত্যু হয়।
নামতিত বিদ্যুৎস্পৃষ্ট যুৱকৰ মৃত্যু
Last Updated : Jun 22, 2019, 5:43 PM IST