অসম

assam

ETV Bharat / briefs

আমগুৰিবাসীৰ সৌভাগ্য প্ৰৱীণ দাস - কাৰ্য বিভাগ

আমগুৰিৰ ভূঞাহাট অঞ্চলৰ কৈৱৰ্ত গাঁৱৰ প্ৰৱীণ দাস নামৰ এজন যুৱকৰ এখন পত্ৰৰ বাবেই পকীপথ লাভ কৰিব অঞ্চলবাসীয়ে ৷ যুৱকজনৰ পত্ৰৰ পাছতেই পাব্লিক ৱকৰ্ছ ডিপাৰ্টমেন্টক জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে ৰাষ্ট্ৰপতিয়ে ৷

ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ আমগুৰিৰ যুৱকৰ

By

Published : May 29, 2019, 4:37 PM IST

আমগুৰি,২৯মে' : স্বাধীনতাৰ ৭২ বছৰৰ পাছত পকী পথেৰে খোজ কাঢ়িবলৈ সক্ষম হ'ব আমগুৰিবাসী । আমগুৰিৰ ভূঞাহাটৰ কৈৱৰ্ত গাঁৱৰ প্ৰৱীণ দাসৰ এখন পত্ৰই এতিয়া পকী পথেৰে খোজ কঢ়াৰ সৌভাগ্য উদয় কৰিবলৈ ওলাইছে আমগুৰিৰ অঞ্চলবাসীক

ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ আমগুৰিৰ যুৱকৰ


উল্লেখ্য যে, ২০১৯ বৰ্ষৰ ফ্ৰেব্ৰুৱাৰীৰ ১২ তাৰিখে কৈৱৰ্ত গাঁৱৰ প্ৰৱীণ দাসে মহামান্য ৰাষ্ট্ৰপতিলৈ এখন পত্ৰ লিখিছিল । আমগুৰি অঞ্চলৰ যাতায়তৰ একমাত্ৰ পথটো সুচল কৰি তুলিবৰ বাবে দাসে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰিছিল । যুৱকজনৰ পত্ৰ ৰাষ্ট্ৰপতি ভৱনে লাভ কৰাৰ পাছতেই পত্ৰখনৰ গুৰুত্বসহকাৰে লৈ অসম চৰকাৰৰ সাৰ্বজনীন কাৰ্য বিভাগ(পাব্লিক ৱকৰ্ছ ডিপাৰ্টমেন্ট)ক ব্যৱস্থা গ্ৰহণৰ বাবে বুধবাৰে এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে । যুৱকজনৰ এই কাৰ্যত এতিয়া উৎফুল্লিত অঞ্চলবাসী ।

ABOUT THE AUTHOR

...view details