অসম

assam

By

Published : Jun 4, 2020, 8:59 PM IST

Updated : Jun 5, 2020, 12:02 AM IST

ETV Bharat / briefs

কোনো গণহত্যাতকৈ কম ভয়ংকৰ নাছিল ফণী বৰা হত্যাৰ ঘটনা !

নগাঁৱৰ জাজৰি আৰক্ষী থানাৰ দুজন জোৱানৰ বৰ্বৰতাত নিৰ্মমভাৱে আক্ৰমণৰ বলি হৈছিল প্ৰাণ ত্যাগ কৰা ফণীধৰ বৰা বৰাৰ মৃত্যু হোৱাৰ পিছতে আৰক্ষী থানা ঘেৰাও কৰে শতাধিক স্থানীয় ৰাইজে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নগাঁৱৰ উপ আৰক্ষী অধীক্ষক উপস্থিত হয় আৰক্ষী থানাত ।

জাজৰি আৰক্ষী থানা ঘেৰাও শতাধিক ৰাইজৰ
জাজৰি আৰক্ষী থানা ঘেৰাও শতাধিক ৰাইজৰ

নগাঁও, ৪ জুন: নগাঁৱৰ জাজৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাৰ আৰক্ষীৰ প্ৰহাৰত হোৱা মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে নিশা থানাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । শতাধিক ৰাইজে ঘেৰাও কৰে থানা । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নগাঁৱৰ উপ আৰক্ষী অধীক্ষক উপস্থিত হয় যদিও শাম কটা নাই পৰিস্থিতিৰ ।

জাজৰি আৰক্ষী থানা ঘেৰাও শতাধিক ৰাইজৰ

উল্লেখ্য যে,জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কৰ্তব্যৰত অৱস্থাত জাজৰি আৰক্ষী থানাৰ দুজন জোৱানৰ বৰ্বৰতাত নিৰ্মমভাৱে আক্ৰমণৰ বলি হৈছিল ফণীধৰ বৰা নামৰ লোকজন । মৃত্যুৰ সৈতে যুঁজি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় ফণীধৰ বৰাৰ । পৰিয়ালৰ লোকৰ মতে, ইচ্ছাকৃত আছিল এই ঘটনা ৷

জাজৰি আৰক্ষী থানা ঘেৰাও শতাধিক ৰাইজৰ

লগতে পঢ়ক: তিনিচুকীয়াত চৰকাৰী কাৰ্যালয়ত সুৰাৰ আড্ডা

Last Updated : Jun 5, 2020, 12:02 AM IST

ABOUT THE AUTHOR

...view details