অসম

assam

ETV Bharat / briefs

সৰভোগত ৪ বছৰীয়া সন্তানৰ মাতৃ সন্ধানহীন

মাতৃক বিচাৰি ৪ বছৰীয়া পুত্ৰ সন্তানৰ হাহাকাৰ, মাক কলৈ গল কোনো খবৰ নাই। কণমাণি সন্তান এৰি মাক কলৈ তাকে লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সৰভোগত ৪ বছৰীয়া সন্তানৰ মাতৃ সন্ধানহীন
সৰভোগত ৪ বছৰীয়া সন্তানৰ মাতৃ সন্ধানহীন

By

Published : Sep 7, 2020, 5:59 PM IST

জনীয়া,৭ চেপ্তেম্বৰঃসৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খাটাকুছি গাৱত ৪ বছৰীয়া পুত্ৰ সন্তানক এৰি ৰমিজা খাতুন নামৰ এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে চলিত মাহৰ ২ তাৰিখে কোনোবা অচিনাকি লোকে ৰাতিপুৱা ঘৰত কোনো নথকাৰ সুযোগ বুজি মহিলা গৰাকীক বাইকত উঠাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাৰ ৫ দিন উকলি যোৱাৰ পিছতো চাৰিওফালে বিচাৰ খোচাৰ কৰিও মহিলা গৰাকীৰ সন্ধান উলিয়াব পৰা নাই।

ইফালে মাতৃক বিচাৰি ৪ বছৰীয়া পুত্ৰ সন্তান ৰহিত আলীয়ে হাহাকাৰ পৰিস্থিতি কৰিছে । মহিলা গৰাকীক উদ্ধাৰৰ বাবে স্বামী ছফিউৰ ৰহমানে ইতিমধ্যে সৰভোগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। মহিলা গৰাকীৰ কোনোবাই কিবা সম্ভেদ লাভ কৰিলে-7635926210 এই নম্বৰত যোগাযোগ কৰাৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। উল্লেখ্য যে মহিলা গৰাকীয়ে পৰিয়ালটোৰ পৰা নগদ ৩৫ হাজাৰ টকা লৈ যায় বুলিও জানিবলৈ দিয়ে ।

লগতে চাওকঃ

ABOUT THE AUTHOR

...view details