আমগুৰি,১৮ জুনঃ ঐতিহাসিক সম্পদ সংৰক্ষণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগ । ছশ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম স্বাক্ষৰ বহনকাৰী দ'ল ,দেৱালয়, পুখুৰী সংৰক্ষণত ব্যৰ্থ প্ৰত্নতত্ত্ব বিভাগ । বিভাগটোৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে জহি খহি গৈছে এটাৰ পাছত আনটো দ'ল আৰু পুখুৰী । সংৰক্ষণৰ অভাৱত এতিয়া জৰাজীৰ্ণ হৈ পৰিছে শিৱসাগৰ জিলাৰ নামতি কালুগাঁওৰ জগদ্ধাত্ৰী দ'ল।
পৰ্যটক নহয়; ছশবছৰীয়া ঐতিহাসিক দ'ললৈ আহে গৰু-ছাগলী ! - tourism
শিৱসাগৰৰ ছশ বছৰীয়া ঐতিহাসিক সমল সংৰক্ষণত হেমাহি অসমৰ পৰ্যটন বিভাগৰ !আহোম ৰাজত্বৰ অন্যতম স্বাক্ষৰ বহনকাৰী দ'ল, দেৱালয়, পুখুৰী সংৰক্ষণত ব্যৰ্থ প্ৰত্নতত্ত্ব বিভাগ । বিভাগটোৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে জহি খহি গৈছে এটাৰ পাছত আনটো ঐতিহাসিক দ'ল আৰু পুখুৰী । শিৱসাগৰৰ ছশ বছৰীয়া পুৰণি জগদ্ধাত্ৰী দ'ল আৰু পুখুৰীৰ এতিয়া চৰম দুৰৱস্থা ।
১৭১৪-১৭৪৪ শকৰ ভিতৰত আহোমৰ ছশ বছৰীয়া শাসনৰ স্বৰ্গদেও শিৱসিংহৰ ৰাজত্বকালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ভায়েক হৰিনাথ বৰপাত্ৰগোহাঁইয়ে এই দ'ল আৰু পুখুৰী নিৰ্মাণ কৰিছিল । অসমৰ অন্যান্য দ'লবিলাকৰ ভিতৰত অন্যতম কাৰুকাৰ্য খচিত এই দ'লটো ভগ্নপ্ৰায় অৱস্থাৰ পৰা পুৰাতত্ব বিভাগে মেৰামতি কৰিলে যদিও ব্যৱহাৰৰ উপযোগী হৈ উঠা নাই এতিয়ালৈ । দ'লটোৰ বাহ্যিকভাগ মেৰামতি কৰিলে যদিও মেৰামতি নহ'ল ভিতৰৰ অংশ । ইফালে আন্ধাৰত অসংখ্য চুঙা বাদুলীৰ বাহ হোৱাৰ লগতে বাদুলীৰ চিঞৰে সৃষ্টি কৰিছে জয়াল পৰিৱেশৰ । ইয়াৰোপৰি দ'লৰ চাৰিওদিশত বেৰাৰ ব্যৱস্থা নথকাত দ'লটো গৰু-ছাগলীৰ গোহালিলৈ পৰিণত হৈছে ।ঐতিহাসিক দলটোৰ কাষতে প্ৰায় ১০০ পুৰা মাটিকালিৰে আৱৰি আছে বৰপাত্ৰ পুখুৰী । কিন্তু পুখুৰীটোৰ সংৰক্ষণ তথা সৌন্দৰ্যবৰ্দ্ধনৰ বাবে কোনো বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । বৰঞ্চ হাবি-মেটেকাৰে ভৰি পৰিছে পুখুৰীটো । পুখুৰীটোত ব'টিংৰ ব্যৱস্থা কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিবলৈ দাবী জনাইছে সচেতন মহলে । পৰ্যটনৰ এশ শতাংশ পূৰ্ণ সম্ভাৱনা থকা শিৱসাগৰ জিলাখনৰ এনে ঐতিহাসিক সমলসমূহ সঠিক পৰিকল্পনাৰ অভাৱত মৃত্যুমুখলৈ ঠেলি দিয়া কাৰ্যক এতিয়া সহজভাৱে ল'ব পৰা নাই অঞ্চলটোৰ সচেতন ব্যক্তিসকলে ।