অসম

assam

ETV Bharat / briefs

ৰাজ্যত পুনৰ ৮৩ গৰাকী লোকৰ দেহত কোভিড-১৯ৰ উপস্থিতি - assam health department

সোমবাৰে বিয়লিৰ ভাগলৈকে ৰাজ্যত মুঠ ৯৫ গৰাকী লোকৰ কোভিড ১৯ পজিটিভ পোৱা গৈছে।

কোভিড ১৯
83 new corona virus cases found in Assam

By

Published : Jun 8, 2020, 9:28 PM IST

গুৱাহাটী, ৮ জুনঃৰাজ্যত ২,৭৭৬ জনলৈ বৃদ্ধি কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। সোমবাৰে বিয়লি পুনৰ ৮৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাচৰ উপস্থিতি। কোভিড-১৯ ত আক্ৰান্ত লোকসকলৰ ভিতৰত ৩০ গৰাকী নগাঁৱৰ, ১৭ গৰাকী কামৰূপ মেট্ৰ'ৰ, ১০ গৰাকী দৰঙৰ, ১০ গৰাকী কামৰূপ গ্ৰাম্যৰ, ৬ গৰাকী লক্ষিমপুৰৰ, ৭ গৰাকী কাচাৰৰ, ২ গৰাকী বিশ্বনাথৰ আৰু ১ গৰাকী ধেমাজীৰ বুলি জানিব পৰা গৈছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।

ৰাজ্যত পুনৰ ৮৩ গৰাকী লোকৰ দেহত কোভিড ১৯ৰ উপস্থিতি

সোমবাৰে বিয়লিৰ ভাগলৈকে মুঠ ৯৫ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। সম্প্ৰতি ৰাজ্যৰ ২৭৭৬ গৰাকী কোভিড ১৯ ৰোগীৰ ভিতৰত চিকিত্সাধীন অৱস্থাত আছে ২১০৪ গৰাকী ৰোগী। ইয়াৰ বিপৰীতে ৬৬৫ গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ লগতে এই মহামাৰীত মৃত্যুমুখত পৰিছে মুঠ ৪ গৰাকী লোক।

ABOUT THE AUTHOR

...view details