নলবাৰী, 25 জুন: নলবাৰীৰ অমৰনাথ ভোলে সেৱা দলে আজি নলবাৰীত বিশ্বশান্তিৰ বাবে এক ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়৷ উক্ত শোভাযাত্ৰাত অমৰনাথলৈ ৰাওনা হ'বলগীয়া যাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত দাসে৷ এই শোভাযাত্ৰা উদ্বোধন কৰি নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত দাসে কয় যে, মহাদেৱেই হ'ল পৰম ব্ৰহ্ম । অৰ্থাৎ য'ত জীৱ ত'ত শিৱ । মহাদেৱ নিৰাকাৰ । সকলোতে তেওঁ বিদ্যমান৷ ইয়াৰ লগতে দাসে অমৰনাথ যাত্ৰী সকলৰ যাত্ৰা সফল হোৱাৰ বাবে পৰম ব্ৰহ্মৰ ওচৰত প্ৰাৰ্থনা জনায়৷
অমৰনাথলৈ ৰাওনা হ'ব নলবাৰীৰ ৩৭ গৰাকী ভক্ত - অমৰনাথ যাত্ৰা
নলবাৰীৰ অমৰনাথ ভোলে সেৱা দলে আজি নলবাৰীত বিশ্বশান্তিৰ বাবে এক ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়৷ উক্ত শোভাযাত্ৰাত অমৰনাথলৈ ৰাওনা হ'বলগীয়া যাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত দাসে৷
নলবাৰী অমৰনাথ ভোলে সেৱা দলৰ বিষ্ণু সূত্ৰধৰ আৰু ধৰ্মেশ্বৰ হালৈয়ে তেওঁলোকৰ ভোলে সেৱা দলৰ ৩৭ গৰাকী যাত্ৰী ২৬ জুনত অমৰনাথৰ বৰফানি বাবাৰ লিংগ দৰ্শনৰ বাবে যাত্ৰা কৰিব বুলি জানিবলৈ দিয়ে৷ সুদীৰ্ঘ ২৬ বছৰ ধৰি এই ভোলে সেৱা দলে অমৰনাথ যাত্ৰা কৰি আহিছে৷ তেওঁলোকে এইবাৰ পেহেলগামেৰে ৩৬ কিলোমিটাৰ দুৰ্গম পথ খোজ কাঢ়ি যাত্ৰা কৰি অমৰনাথ গুহা দৰ্শন কৰিব ৷ এই উপলক্ষে নলবাৰী নাট্য মন্দিৰৰ পৰা এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়৷ এই শোভাযাত্ৰা অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷