গুৱাহাটী, ৯ জুনঃ ৰাজ্য়ত নতুনকৈ ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। বৰ্তমান ৰাজ্যখনত মুঠ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২,৮৬৮ গৰাকীলৈ বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।
নতুনকৈ আক্ৰান্ত হোৱা ৩৩ গৰাকী লোকৰ ভিতৰত ১৭ গৰাকী তিনিচুকীয়াৰ,৪ গৰাকী যোৰহাটৰ,৩ গৰাকী বৰপেটাৰ,২ গৰাকী চিৰাঙৰ, ২গৰাকী কাৰ্বি আংলঙৰ, ২গৰাকী নগাঁৱৰ আৰু বাক্সা, গোলাঘাট আৰু মাজুলীৰ এজনকৈ লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে।