নিউজ ডেস্ক, ২৮ জুনঃ তিনিখন ইৰাণী জাহাজক চৌদি আৰৱত প্ৰৱেশত বাধা প্ৰদান কৰে ৰাষ্ট্ৰখনৰ বৰ্ডাৰ গাৰ্ডে (Border guards)। জাহাজ তিনিখন পাশ্বিয়ান গল্ফত প্ৰৱেশৰ সময়তে বৰ্ডাৰ গাৰ্ডে প্ৰৱেশত বাধা প্ৰদান কৰে। ইয়াৰ পাছতে তিনিওখন জাহাজ পিছুৱাই যায় বুলি জানিব পৰা গৈছে । ৰাষ্ট্ৰখনৰ বৰ্ডাৰ গাৰ্ডৰ মুখপাত্ৰই ২৫ জুনত এই ঘটনা সংঘটিত হয় বুলি প্ৰকাশ কৰে ।
তিনিখন ইৰাণী জাহাজক জলক্ষেত্ৰত প্ৰৱেশত বাধা চৌদি আৰৱৰ - Border guards
"জলক্ষেত্ৰত কোনো ধৰণৰ নীতি উলংঘন সহ্য কৰা নহ'ব"- চৌদি আৰৱৰ বৰ্ডাৰ গাৰ্ডৰ মুখপাত্ৰ
![তিনিখন ইৰাণী জাহাজক জলক্ষেত্ৰত প্ৰৱেশত বাধা চৌদি আৰৱৰ চৌদি আৰৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-04:44:02:1593342842-iran-shipjune281593342293818-2-2806email-1593342305-187.jpg)
মুখপাত্ৰগৰাকীয়ে জলক্ষেত্ৰত কোনো ধৰণৰ নীতি উলংঘন সহ্য কৰা নহ'ব বুলি উল্লেখ কৰে । ইৰাণৰ এটা নিউজ এজেঞ্চিয়ে প্ৰকাশ কৰা অনুসৰি এই তিনিওখন জাহাজ মৎস্য চিকাৰৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে । সাগৰৰ ঢৌৰ বাবে তিনিওখন জাহাজ চৌদি আৰৱৰ দিশে গতি কৰিছিল ।
ইফালে, চৌদি আৰৱৰ সীমান্তত বৰ্ডাৰ গাৰ্ডে জাহাজখনক উদ্দেশ্যি গুলীচালনা কৰিছিল । কিন্তু এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰে । উল্লেখ্য যে, চৌদি আৰৱৰ চৰকাৰী কৰ্তৃপক্ষই এগৰাকী বিশিষ্ট শিয়া ধৰ্মগুৰুক ফাঁচি দিয়াৰ পাছত ২০১৬ বৰ্ষত ইৰাণে চৌদি আৰৱৰ লগত সকলো কূটনৈতিক সম্পৰ্ক ছেদ কৰিছিল ।