ইণ্টাৰনেশ্যনেল ডেস্ক, ৩ জুন: দক্ষিণ কেলিফৰ্ণিয়াৰ মাৰ্কিন মহাকাশ সংস্থা নাছাৰ জেট প্ৰপুলশ্বন লেব'ৰেটৰী (JPL)য়ে তিনিটা ভাৰতীয় ব্যৱসায়ী সংস্থাৰ নাম নতুন ভেণ্টিলেটৰ নিৰ্মাণৰ অৰ্থে তালিকাত অন্তৰ্ভুক্ত কৰিছিল আৰু এই সংস্থা তিনিটাই কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ বাবে নিৰ্মাণ কৰা ভেণ্টিলেটৰৰ এক সপ্তমাংশ ব্যৱহাৰ কৰে ।
নাছাৰ দ্বাৰা বিকশিত ভেণ্টিলেটৰৰ বাণিজ্যকৰণ ৩ ভাৰতীয় নিৰ্মাণকাৰী সংস্থাৰ আলফা ডিজাইন টেকনলজীছ,ভাৰত ফোৰ্জ আৰু মেধা সৰ্বো ড্ৰাইভছ হৈছে বিশ্বৰ ১৮ টা মূল ব্যৱসায়ী সংস্থাৰ ভিতৰত তিনিটা,যি তিনিটা সংস্থাক জীৱন দান যন্ত্ৰ নিৰ্মাণৰ অৰ্থে বাছনি কৰা হৈছে । দক্ষিণ আৰু মধ্য এছিয়াৰ ব্যুৰৱে বুধবাৰে টুইটাৰযোগে ভাৰতীয় ব্যৱসায়ী সংস্থা তিনিটাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ এই সম্পৰ্কক সমৰ্থন জনায় ।
এপ্টলী শীৰ্ষক VITAL প্ৰটোটাইপটিয়ে খাদ্য আৰু ঔষধি প্ৰশাসনৰ পৰা আপাতকালীন ব্যৱহাৰৰ অনুমোদন পাইছে । সংকটজনক অৱস্থাত থকা ৰোগীসকলৰ বাবে VITALয়ে সহজ আৰু সুক্ষ্ম বিকল্প প্ৰদান কৰিব । এই প্ৰটোটাইপৰ নমনীয় ডিজাইনে এইটোকে বুজায় যে,এই ভেণ্টিলেটৰটি ক্ষেত্ৰ হাস্পতালবোৰতো ব্যৱহাৰ কৰিব পৰা যাব ।
উল্লেখ্য যে, চিকিৎসক আৰু হাস্পতাল সঁজুলি নিৰ্মাতাসকলৰ সহায় অনুযায়ী VITAL প্ৰটোটাইপটিৰ বিকাশ সাধন কৰা হয় । JPL ডিভাইছৰ এটি প্ৰটোটাইপ যোৱা ২৩ এপ্ৰিল তাৰিখে ছিনাই পৰ্বতৰ এনেস্থেচিঅলজী পেৰিঅপাৰেটিভ আৰু পেইন মেডিচিন বিভাগে হিউমেন চিম্যুলেশ্বন লেবৰ দ্বাৰা সফলভাৱে পৰীক্ষা কৰিছিল। সংকুচিত এই বায়ুসূচক ডিজাইনটি ভেণ্টিলেটৰ জৰুৰী ব্যৱহাৰৰ অনুমোদনৰ বাবে এফ.ডি.এ.তো জমা কৰা হয় আৰু সম্প্ৰতি ইয়াৰ সমীক্ষা অব্যাহত আছে বুলি জানিব পৰা হৈছে ।
লগতে পঢ়কঃ লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত অব্যাহত ভূমিস্খলন