নিউজ ডেস্ক, ৩ জুলাই : শুকুৰবাৰে পাকিস্তানৰ পাঞ্জাৱ প্ৰান্তত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাৰ ঘটনা। শিখ তীৰ্থযাত্ৰী কঢ়িয়াই এখন মিনি-বাছে ৰেলত খুন্দা মৰাৰ ফলত প্ৰায় ২৯ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয়।
"Evacuee Trust Property Board" ৰ মুখপাত্ৰ আমিৰ হাচমীয়ে উল্লেখ কৰা অনুসৰি এই দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকসকলৰ ভিতৰত অধিকাংশই শিখ তীৰ্থযাত্ৰী বুলি জানিব পৰা গৈছে।
পাকিস্তানত দুৰ্ঘটনাত পতিত হৈ ২৯ গৰাকী শিখ তীৰ্থযাত্ৰী নিহত কৰাচীৰ পৰা লাহোৰ অভিমুখে গৈ আছিল শ্বাহ হুছেইন এক্সপ্ৰেছ ৰেলখন। লাহোৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দুৰত্বত ফাৰুকাবাবদ (Farooqababd)ত দুপৰীয়া প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই ঘটনা। তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখনে এটা ক্ৰচিঙত ৰেলখনত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিঃ গোৱালপাৰাত আম আদমী পাৰ্টীৰ প্ৰতিবাদ