অসম

assam

ETV Bharat / briefs

মেক্সিকোত নিচা মুক্তি কেন্দ্ৰত গুলীচালনাঃ ২৪ গৰাকী নিহত - নিচা মুক্তি কেন্দ্ৰ

মেক্সিকোত নিচা মুক্তি কেন্দ্ৰত দুস্কৃতিকাৰীৰ গুলীচালনা । উক্ত ঘটনাত ২৪ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হয় আন কেইবাগৰাকীও। ঘটনা সন্দৰ্ভত মেক্সিকান আৰক্ষীৰ তদন্ত অব্যাহত ।

মেক্সিকো
24 shot dead in attack on drug rehab center in Mexico

By

Published : Jul 2, 2020, 3:40 PM IST

নিউজ ডেস্ক, ২ জুলাইঃ বুধবাৰে মেক্সিকোৰ এটা নিচা মুক্তি কেন্দ্ৰ (drug rehab center)ক উদ্দেশ্যি দুস্কৃতিকাৰীয়ে গুলীচালনা কৰে। এই আক্ৰমনৰ ঘটনাত ২৪ গৰাকী লোক গুলীবিদ্ধ হৈ নিহত হোৱাৰ বিপৰীতে আহত হয় আন কেইবাগৰাকীও লোক।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি গুলীচালনাৰ ঘটনা সংঘটিত হোৱা উক্ত কেন্দ্ৰতো পঞ্জীয়নকৃত নাছিল । এই আক্ৰমনৰ ঘটনা ইৰাপুৱাটো চহৰত বুধবাৰে সংঘটিত হৈছিল বুলি মেক্সিকোৰ গুৱানাজুটাও চহৰৰ এগৰাকী আৰক্ষী বিষয়াই প্ৰকাশ কৰে।

ইৰাপুৱাটো চহৰত উক্ত নিচা মুক্তি কেন্দ্ৰটোত থকা সকলো লোকক উদ্দেশ্যি গুলীবৰ্ষণ কৰিছিল দুস্কৃতিকাৰীয়ে । সম্প্ৰতি এই ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে উল্লেখ কৰে । কিন্তু মেক্সিকান ৰাজনৈতিক নেতা দিয়েগো সিনহু ৰদ্ৰিগেজ ভালেজো (Diego Sinhue Rodríguez Vallejo)য়ে এই ঘটনাৰ লগত ড্ৰাগছ সৰবৰাহকাৰী জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। লগতে, তেখেতে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১০ বৰ্ষত উত্তৰ মেক্সিকো চিহুৱাহুৱা চহৰত সংঘটিত হৈছিল অনুৰূপ ঘটনা। এই ঘটনাত ১৯ গৰাকী লোকৰ মৃত্যু হৈছিল। দীৰ্ঘদিন ধৰি মেক্সিকোই নিচা মুক্তি কেন্দ্ৰক লৈ সমস্যাৰ সম্মুখীন হৈ আহিছে।

ABOUT THE AUTHOR

...view details