অসম

assam

ETV Bharat / briefs

আমেৰিকাৰ নিৰ্বাচনত ২ মিলিয়ন হিন্দু ভোটাৰে লব বিশেষ ভূমিকা - '2 million Hindus US key voting bloc in swing states'

মাৰ্কিন নিৰ্বাচনত প্ৰায় দুই মিলিয়ন হিন্দু ভোটেও গ্ৰহণ কৰিব বিশেষ ভূমিকা । ভাৰতীয় হিনদু সকলে ৰাষ্ট্ৰখনৰ বিভিন্ন প্ৰান্তত বাস কৰি আছে । এই নিৰ্বাচনত ভাৰতীয় আমেৰিকান কংগ্ৰেছৰ সদস্য ৰাজা কৃষ্ণমূৰ্তিয়ে প্ৰকাশ কৰিছে ভাৰতীয় হিন্দু সকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য ।

আমেৰিকাৰ নিৰ্বাচনত ২ মিলিয়ন হিন্দু ভোটাৰে লব বিশেষ ভূমিকা
আমেৰিকাৰ নিৰ্বাচনত ২ মিলিয়ন হিন্দু ভোটাৰে লব বিশেষ ভূমিকা

By

Published : Sep 4, 2020, 4:42 PM IST

ৱাশ্বিংটন,৪ চেপ্তেম্বৰ : সমাগত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । এই নিৰ্বাচনত হিন্দু ভোটৰ যথেষ্ট গুৰুত্ব আছে । মাৰ্কিন নিৰ্বাচনত প্ৰায় দুই মিলিয়ন হিন্দু ভোটেও গ্ৰহণ কৰিব বিশেষ ভূমিকা । ভাৰতীয় হিন্দু সকলে ৰাষ্ট্ৰখনৰ বিভিন্ন প্ৰান্তত বাস কৰি আছে । এই নিৰ্বাচনত ভাৰতীয় আমেৰিকান কংগ্ৰেছৰ সদস্য ৰাজা কৃষ্ণমূৰ্তিয়ে প্ৰকাশ কৰিছে ভাৰতীয় হিন্দু সকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য ।

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বিডেনৰ বাবে হিন্দু আমেৰিকান ('Hindu Americans for Biden') শীৰ্ষক ভাৰ্চুৱেল অনুষ্ঠানৰ উদ্ধোধনৰ পিচত বক্তব্য ৰাখি তিনিবাৰকৈ ইলিয়নৰ ডেমক্ৰেটিক কংগ্ৰেছ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজা কৃষ্ণমূৰ্তিয়ে কয় যে,তেওঁৰ সদস্যসকলে ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেন আৰু তাৰ ভাৰতীয় মূলৰ আমেৰিকান দৌৰবিদ কমলাক ভোট দিয়াৰ বাবে অনুৰোধ জনাই ৩ নৱেম্বৰত ।

তেওঁ কয় যে, জো বিডেনক নিৰ্বাচিত কৰাটো হিন্দু সকলৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো বসুদৈৱ্য কুটুম্বকম(সমগ্ৰ বিশ্ব একেটা পৰিয়াল) হিন্দু সকলৰ এটা মহান অনুভৱ । আমি সকলোকে সন্মান আৰু শ্ৰদ্ধাৰ সৈতে ভাতৃত্বপূৰ্ণ আচৰণত বিশ্বাসী, এইদৰে কয় তেওঁ ।

ৱাশ্বিংটন ডিচিৰ এটা অতি পুৰণি কথা-আপুনি টেবুলত বহিবলৈ যদি আপোনাৰ বাবে ঠাইও নাই কিন্তু মেনুত আপোনাৰ নাম থাকিবই । আৰু হিন্দু সকলৰ বাবে এইটো গুৰুত্বপূৰ্ণ যে,আমাৰ এই সন্মিলিত প্ৰচেষ্টা আৰু পৰিয়াল কেন্দ্ৰিক ধাৰণাই সম্প্ৰদায় ভিত্তিক হিন্দু আমেৰিকান সকল সামগ্ৰিকভাৱে মেনুত থকাৰ সামৰ্থ আছে । সেয়ে অনাগত নিৰ্বাচনত মেনুত থাকিবলৈ জো বিডেনক ভোট দান কৰাটো গুৰুত্বপূৰ্ণ হিন্দু সকলৰ বাবে ।

এই বছৰটো আমাৰ বাবে আনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন । এই ৬০ দিন,বিশ্বাস কৰক বাব নকৰক নৱেম্বৰ ৩ তাৰিখে এই দেশৰ দুই মিলিয়ন হিন্দু আমেৰিকানে ৰাষ্ট্ৰপতি নিৰ্বাচন গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ ভূমিকা । কেৱল ফ্লৰিডা, ভাৰ্জিনিয়াই নহয়,পেনছিলভেনিয়া, মিছিগান,আৰু উইকিনছিনআদি সকলো ৰাজ্যতে ভোটদানৰ প্ৰতিটো ব্লকত হিন্দু আমেৰিকান সকলে বিশেষ ভূমিকা গ্ৰহণ কৰিব । ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট প্ৰদান কৰাটো আমাৰ বাবে ধৰ্ম বুলি মন্তব্য কৰে কৃষ্ণমূৰ্তিয়ে । ভোটদান আমাৰ ধৰ্ম, আৰু সমাজৰ বাবে এটি কেন্দ্ৰবিন্দু- বিডেনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থকা পৰিচালক অমিত জানি যে কয় ।

এটা নিৰ্বাচনী অনুষ্ঠান পৰিচালনা কৰি বিডেনৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থকা নিউ জাৰ্ছিৰ সহ ৰাজ্য সঞ্চালক নিকি শ্বাহে কয় যে, দক্ষিণ এছিয়াৰ বাবে বিডেন, কাৰণ বিগত তিনিবছৰত অত্যাধিক হাৰত ঘৃণনীয় অপৰাধ আৰু নিষিদ্ধ ভাং, গাঞ্জা সৰবৰাহৰ ঘটনা সংঘটিত হৈছে । যিটো অসহনীয় । শ্বাহে লগতে কয় যে, ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ অধীনৰ ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন(FBI)ৰ তথ্য অনুসৰি হিন্দুসকলৰ বিৰুদ্ধে আমেৰিকাত অপৰাধৰ মাত্ৰা তিনিগুণ বৃদ্ধি পাইছে ।

আমাৰ এইটো দৃঢ় বিশ্বাস যেস, আমাৰ বিৰুদ্ধে যেতিয়া এনেকুৱা ঘটনা সংঘটিত হৈছে তেতিয়া আমাৰ বাবে এজনেই ৰাষ্ট্ৰপতি আছে যিয়ে আমাৰ বিৰুদ্ধে চলা অপৰাধমূলক কাৰ্যসমূহৰ ওপৰত বিশেষ আঁচনি প্ৰস্তুত কৰি থৈছে আৰু বিডেন নিশ্চিত হৈছে যে, আমাৰ বিৰুদ্ধে চলা অপৰাধমূলক কাম সমূহৰ বিৰুদ্ধে যুজ দিয়াৰ বাবে প্ৰয়োজনীয় প্ৰতিকাৰ থাকিব । এইদৰে কয় বিডন ফৰ প্ৰেচিডেন্টৰ নীতি বিশ্লেষক মাছমুদ মাখমুদভে ।

আমেৰিকাৰ কেনটাকীৰ মণিনগৰ স্বামী নাৰায়ণ মন্দিৰৰ মুখপাত্ৰ ৰাজেশ পাটিলে মন্দিৰ ধ্বংসৰ বিষয়ে মন্তব্য কৰি কয় যে, আমি হিন্দু সকলে এনে পৰিস্থিতি, ঘৃণনীয় অপৰাধ কেতিয়াও দেখা নাই । এই সম্পৰ্কত কৃষ্ণমূৰ্তিয়ে কয় যে, বিডেন বিশ্বাসযোগ্য ব্যক্তি, নীতিবান আৰু আটাইতকৈ ডাঙৰ কথা যে, তেওঁ বৈষম্য বিৰোধী এজন ব্যক্তি । তেখেতে প্ৰত্যেককে সমান ভাৱে একে আচৰণ আৰু ব্যৱহাৰত বিশ্বাসী, এইদৰে কয় ৰাজা কৃষ্ণমূৰ্তিয়ে ।

প্ৰথমবাৰৰ বাবে দুটা ডাঙৰ ৰাজনৈতিক দলে হিন্দু আমেৰিকানসকলৰ প্ৰতি সুনিৰ্দিষ্ট প্ৰচাৰৰ চেষ্টা কৰিছে । ট্ৰাম্প শিবিৰে 'Hindu Voices for Trump' শীৰ্ষক অনুষ্ঠানৰ জৰীয়তে প্ৰচাৰ আৰম্ভ কৰিছে। একদৰে বিডেন শিবিৰে হিন্দু আমেৰিকানৰ বাবে বিডেন শীৰ্ষক প্ৰচাৰ আৰম্ভ কৰিছে।

ট্ৰাম্পৰ বাবে হিন্দুসকলে হিন্দু ধৰ্মৰ হাজাৰ হাজাৰ হিন্দু আমেৰিকানক সন্মান কৰি আহিছে। অন্তৰ্ভুক্তিমূলক অৰ্থনীতি,ভাৰত-মাৰ্কিন সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিশ্ৰতি প্ৰদান কৰাৰ লগতে সকলো ধৰ্মীয় স্বাধীনতাৰ প্ৰতি সমৰ্থন অতুলনীয় । ৰাষ্ট্ৰপতি ট্ৰাম্প পুনৰ নিৰ্বাচিত হ’লে আমেৰিকাৰ ভাৰতীয় হিন্দুসকলৰ ধৰ্মীয় স্বাধীনতাত বাধা কমি আহিব । নিৰ্বাচনী প্ৰচাৰত এইদৰে প্ৰকাশ কৰিছে ট্ৰাম্পৰ ।

ৰাষ্ট্ৰপতি ট্ৰাম্প প্ৰথমগৰাকী ব্যক্তি আছিল যি, প্ৰথমবাৰৰ বাবে হিন্দু আমেৰিকানসকলৰ ভোটদানৰ সম্ভাৱনাক স্বীকৃতি দিছিল আৰু তেওঁ সকলৰ বাবে নিউ জাৰ্ছিত এখন সভা সম্বোধন কৰাৰ উপৰিও তেওঁৰ পৰিয়ালৰ সদস্য সকলে ভাৰ্জিনিয়া আৰু ফ্লৰিডাত থকা হিন্দু মন্দিৰো দৰ্শন কৰিছিল ।

ABOUT THE AUTHOR

...view details