অসম

assam

ETV Bharat / briefs

৭ বছৰীয়া শিশুক ধৰ্ষণ কৰি ধৃত ২

উত্তৰ প্ৰদেশত পুনৰ সংঘটিত ধৰ্ষণ কাণ্ড । ৭ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হয় দুজন লোক । ধৰ্ষণৰ বলি ভুক্তভোগী শিশুটিক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

পুনৰ সংঘটিত ধৰ্ষণ কাণ্ড
পুনৰ সংঘটিত ধৰ্ষণ কাণ্ড

By

Published : Dec 13, 2020, 2:11 PM IST

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ :উত্তৰ প্ৰদেশৰ মুজাফৰনগৰত ৭ বছৰীয়া কন্যা শিশুৰ সৈতে সংঘটিত হয় ধৰ্ষণ কাণ্ড ।

ঘৰৰ পৰা আঁতৰত এঘৰৰ ছাদত সংঙ্গাহীন অৱস্থাত তেজেৰে তুমুৰলি হৈ পৰি আছিল কন্যা শিশুটো ।

ঘটনা সন্দৰ্ভত বুধানা আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬ডি আৰু পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

চক্ৰ আৰক্ষী বিষয়া গিৰিজা শংকৰে জানিবলৈ দিয়া অনুসৰি ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ভুক্তভোগীৰ পিতৃৰ অভিযোগৰ ভিত্তিত দুগৰাকী লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

আনহাতে ধৰ্ষণৰ বলি হোৱা কন্যা শিশুটি বৰ্তমানে স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

ABOUT THE AUTHOR

...view details