অসম

assam

উলংগ নৃত্য কাণ্ডঃ দুই অভিযুক্তক গ্ৰেপ্তাৰ

By

Published : Jun 9, 2019, 1:36 PM IST

অনুষ্ঠান আৰম্ভ হোৱাৰ পিচতে নগ্ন নৃত্য কৰিবলৈ নৃত্য শিল্পীৰ দলটোক একাংশ দৰ্শকে হেঁচা প্ৰদান কৰে ৷ কাপোৰ পৰ্যন্ত খুলি দিবলৈ উদ্যত হয় একাংশই ৷ নগ্ন নৃত্য প্ৰদৰ্শন নকৰিলে মৃত্যুৰ ভাবুকিও দিছিলে একাংশ উদণ্ড লোকে ৷

নৃত্য শিল্পী দলৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা দুই অভিযুক্ত ছয়গাও আৰক্ষীৰ জালত


দক্ষিণ কামৰূপ , 9 জুন: পৱিত্ৰ ঈদৰ নামত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠান ৷ টিকট কাটি অনুষ্ঠান উপভোগ কৰিবলৈ উপস্থিত হৈছে অসংখ্য দৰ্শক ৷ কিন্তু দৰ্শকক লাগে উলংগ-অশ্লীল নৃত্য ৷ সভ্য সমাজক লজ্জানত কৰি নৃত্য শিল্পীক উলংগ-অশ্লীল নৃত্য প্ৰদৰ্শন কৰিবলৈ ভয়-ভাবুকি প্ৰদান কৰা দুটা অভিযুক্ত ছয়গাঁও আৰক্ষীৰ জালত পৰিছে ৷ আটকাধীন অভিযুক্ত দুটাৰ নাম চাহৰুখ খান আৰু চুভাহান খান ৷

উল্লেখ্য যে আচলপাৰা সোমবৰীয়া বজাৰত ঈদ উপলক্ষে পতা হৈছিল নৃত্যানুষ্ঠান ৷ বকোৰ ৰে'ইনব', আৰু শাখাতিৰ এম. কে. ডেঞ্চ গ্ৰুপক নিমন্ত্ৰণ জনাইছিল এই অনুষ্ঠানত ৷ কিন্তু আয়োজক সমিতিয়ে কোচবিহাৰৰ পৰা নৃত্য দলটি অনা বুলি 50 ৰ পৰা 100 টকালৈকে টিকট বিক্ৰী কৰিছিল ৷ অনুষ্ঠান আৰম্ভ হোৱাৰ পিচতে নগ্ন নৃত্য কৰিবলৈ নৃত্য শিল্পীৰ দলটোক একাংশ দৰ্শকে হেঁচা প্ৰদান কৰে ৷ কাপোৰ পৰ্যন্ত খুলি দিবলৈ উদ্যত হয় একাংশই ৷ নগ্ন নৃত্য প্ৰদৰ্শন নকৰিলে মৃত্যুৰ ভাবুকিও দিছিলে একাংশ উদণ্ড লোকে ৷

নৃত্য শিল্পী দলৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা দুই অভিযুক্ত ছয়গাও আৰক্ষীৰ জালত

শতাধিক দৰ্শকৰ অধিকাংশই উশৃংখলতাৰে ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছিল ৷ ঘটনাস্থলীৰ পৰা নৃত্য শিল্পীৰ দলটোৱে পলায়ন কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান আৰক্ষীয়ে অভিযুক্ত দুটাক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ অৱশ্যে অশ্লীল নৃত্য প্ৰদৰ্শন কৰিবলৈ ভয়-ভাবুকি প্ৰদান কৰা আন লোকসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়াও হৈ পৰিছে লক্ষণীয় ৷

ABOUT THE AUTHOR

...view details