ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ জুন: আফগানিস্তানত শুকুৰবাৰে দুটা পৃথক পৃথক সংঘৰ্ষৰ ফলত কমেও ১৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ফখৰুদ্দিনৰ পশ্চিমীয়া ঘোৰত এগৰাকী স্থানীয় আৰক্ষী বিষয়াই কয় যে,শুকুৰবাৰে মাজ নিশা তালিবান বিদ্ৰোহীসকলে আৰক্ষী থানা আক্ৰমণ কৰি ১০ জন আৰক্ষীক হত্যা কৰে ।
ইয়াৰোপৰি এজন আৰক্ষী আঘাতপ্ৰাপ্ত হয় আৰু আন এজনে আক্ৰমণৰ পিছতেই পাছবন্দ জিলাৰ গাঁৱৰ পৰা অন্তৰ্ধান হৈ আছে । আৰক্ষী বিষয়াগৰাকীয়ে এই আক্ৰমণৰ বাবে তালিবানসকলক দোষী সাব্যস্ত কৰে ।