অসম

assam

By

Published : Mar 9, 2019, 7:11 PM IST

ETV Bharat / breaking-news

আমগুৰিত চুলাই পান কৰি এজনৰ মৃত্যু

আমগুৰিত চুলাই পান কৰি এজনৰ মৃত্যু

2019-03-09 18:32:36

শনিবাৰে সুৰাপান ফলত গোলাঘাটত তিনিজনকৈ লোকৰ মৃত্যুৰ পাচতেই শনিবাৰে বিয়লি শিৱসাগৰৰ আমগুৰিটো সংঘটিত হয় অনুৰূপ ঘটনা ৷

শিৱসাগৰ , 9 মাৰ্চঃ তিতাবৰ আৰু গোলাঘাট কাণ্ডৰ পিছত এইবাৰ আমগুৰিত বিষাক্ত চুলাইয়ে প্ৰাণ ল'লে এজন বিবাহিত যুৱকৰ । শিৱসাগৰ জিলাৰ আমগুৰি ঘোঁৰাচোৱা গাঁৱত বিষাক্ত সুৰাপান কৰি মৃত্যু হয় যুৱকজনৰ৷ ৰন্টু চেতিয়া নামৰ বিবাহিত যুৱকজনে বিষাক্ত সুৰাপান কৰি শনিবাৰে মৃত্যুক আকোঁৱালি ল’ব লগা হয়৷ স্থানীয় ৰাইজৰ অভিযোগ আমগুৰি আবকাৰী আৰু প্ৰশাসনে চুলাই ভাটী আৰু অবৈধ সুৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এনে কাণ্ড সংঘটিত হয় ।

For All Latest Updates

ABOUT THE AUTHOR

...view details