অসম

assam

ETV Bharat / breaking-news

ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন - ELECTION COMMISSION PRESS MEET

ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন

By

Published : Mar 10, 2019, 7:13 PM IST

2019-03-10 19:01:11

নতুন দিল্লীৰ বিজ্ঞান ভৱনত সংবাদমেল সম্বোধন কৰি নিৰ্বাচনী আচৰণ বিধি ঘোষণা নিৰ্বাচন আয়োগৰ ৷

  •  নতুন দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়োগৰ সংবাদমেল । আগন্তুক লোকসভা নিৰ্বাচনত ৯০ কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি উল্লেখ নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাৰ। লগতে মুঠ ১০ লাখ ভোটকেন্দ্ৰৰ অনুস্থিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। 
  • প্ৰথমবাৰলৈ নিৰ্বাচনত ব্যৱহাৰ কৰা হ'ব VVPAT মেচিন। লগতে, EVM ত থাকিব প্ৰতিজন প্ৰাৰ্থীৰ ফটো। নিৰ্বাচনলৈ ৪৮ ঘন্টাৰ থকাৰ পূৰ্বে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ। 
  • আজিৰে পৰা বলবৎ হ'ব নিৰ্বাচনী আচৰণবিধি। আচৰণবিধি উলংঘা কৰিলে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা। নিৰ্বাচনী প্ৰচাৰৰ নামত জনসাধাৰণৰ অশান্তি হোৱা উচ্চস্বৰৰ শব্দযন্ত্ৰ ব্যৱহাৰত থাকিব বাধা। নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ।
  •  সুনীল অৰোৰাই উল্লেখ কৰা অনুসৰি বিধিভংগ আপত্তি দৰ্শাবৰ বাবে থাকিব মবাইল এপ। এপৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব ভোটাৰে। তদুপৰি, পেইড নিউজ আৰু ছ'চিয়েল মিডিয়াৰ ওপৰতো নজৰ ৰাখিব নিৰ্বাচনী আয়োগে। 
  • ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ১১ এপ্ৰিলৰ পৰা ১৯ মে’ লৈ চলিব ভোটগ্ৰহণ প্ৰক্তিয়া । ১১ এপ্ৰিলত প্ৰথমটো নিৰ্বাচন, ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন, ২৯ এপ্ৰিলত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন, ৬ মে'ত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ১২ মে'ত ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন আৰু ১৯ মে'ত অনুস্থিত হ'ব সপ্তম আৰু অষ্টম পৰ্যায়ৰ নিৰ্বাচন। আনহাতে, ২৩ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল ।
  •  অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। 11 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, 18 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু 23 এপ্ৰিলত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । প্ৰথম পৰ্যায়ত ৫ টা আৰু দ্বিতীয় পৰ্যায়ত ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে তৃতীয় পৰ্যায়ত ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

ABOUT THE AUTHOR

...view details